ASSAM TIMES POST
অজন্তা তালুকদাৰ
লক-ডাউনৰ বাবে সুদীৰ্ঘকাল কলকাতাত আৱদ্ধ হৈ থাকি তীব্ৰ অৰ্থ সংকটত ভুগিছিল বোকাখাতৰ যুৱতী নিধি গুপ্তাই। বোকাখাতৰ কুৰুৱাবাহী তিনিআলিৰ ক্ষুদ্ৰ ব্যৱসায়ী অজয় গুপ্তাৰ কন্যা নিধি গুপ্তা কলকাতাৰ ভৱানীপুৰ কলেজৰ ছাত্রী।

সুদীৰ্ঘ লকডাউনৰ বাবে তেনেদৰে আৱদ্ধ হৈ থাকিব লগীয়া হোৱাত হাতত থকা জমা ধন ইতিমধ্যে শেষ হৈ তীব্র অৰ্থ সংকটত পৰিছিল ছাত্রী গৰাকী। কলকাতাত আবদ্ধ বোকাখাতৰ এই ছাত্রী গৰাকীক সকাহ দিবৰ বাবে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে ব্যক্তিগত ভাৱে আগবঢ়ালে ২০০০ টকা।
মহকুমাধিপতিৰ এই এককালীন সাহায্যত যথেষ্ট সকাহ অনুভৱ কৰি মহকুমাধিপতিগৰাকলৈ কৃতজ্ঞতা জ্ঞাপন কৰে নিধিৰ লগতে পৰিয়ালেও। ইতিমধ্যে এই ধন লাভ কৰা বুলি কলকাতাৰ পৰা ছাত্রী গৰাকীয়ে জানিবলৈ দিছে।













