ASSAM TIMES POST
নগাঁও: নগাঁও জিলাত শেহতীয়াকৈ কোভিড -১৯ ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধিয়ে জিলাবাসীক শংকিত কৰি ৰখাৰ মাজতে নগাঁৱত জ্বৰ সদৃশ ৰোগত আক্রান্ত গাহৰিৰ মৃত্যুয়ে আন আন এক শংকা কঢ়িয়াই আনিছে।
উল্লেখ্য, উজনি আৰু উত্তৰ অসমৰ কেইবাখনো জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱাৰ পিছত চলিত মাহৰ আৰম্ভণিৰ পৰা নগাঁৱত গাহৰি মৃত্যুৰ হোৱা তথ্য শেহতীয়া ভাবে পোহৰলৈ আহিছে। নগাঁও জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে , নগাঁও চহৰৰ হৰিজন কলনীৰ প্ৰায় ৬০ – ৭০ টা গাহৰিৰ ইতিমধ্যে মৃত্যু হয়।
কেইদিনমান পূৰ্বে হৰিজন কলনীত ছেনিটেৰাইজ কৰাৰ লগতে গাহৰিৰ বাবে প্ৰয়োজনীয় ঔষধ আদি যোগান ধৰা হৈছিল। ইয়াৰ পাচতো উক্ত এলেকাত গাহৰিৰ মৃত্যুৰ সংখ্যা হ্ৰাস হোৱা নাই। জিলা পশুপালন বিভাগৰ সূত্ৰটোৱে আৰু জনোৱা মতে, কালি ৬ টা আজি এটা গাহৰি জ্বৰত আক্ৰান্ত হৈ মৃত্যু হয়।
নগাঁৱৰ হৰিজন কলনীত মৃত্যু হোৱা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ লক্ষণ দেখা পোৱা নাই বুলিও সুত্ৰটোৱে জনায়। অৱশ্যে জ্বৰত আক্ৰান্ত গাহৰি আৰু মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰৰণ কৰা হৈছে। এই নমুনাৰ প্ৰতিবেদন বৰ্তমানলৈ আহি পোৱা নাই। নমুনাৰ প্ৰতিবেদনতহে নগাঁৱত গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু হৈছেনে নাই সেয়া নিশ্চিত হ’ব।













