ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত
চতুৰ্থ পৰ্যায়ৰ লক-ডাউন চলি আছে। বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰিছেহি বহু লোক। সম্প্ৰতি ৰাজ্যখনলৈ বহিঃৰাজ্যৰ পৰা অহা ব্যক্তি সকলৰ বাবে কৰোনা ভাইৰাছ সংক্ৰমণৰ তীব্ৰ আশংকা কৰি তৎপৰ হৈ উঠিছে জিলা আৰু মহকুমা প্ৰশাসন।
শেহতীয়াকৈ বোকাখাতত দুটাকৈ পজিটিভ ফলাফল ধৰা পৰাৰ পাছত আৰু বোকাখাতৰ নগৰাঞ্চলত তিনিটা কোৱাৰন্টীন কেন্দ্ৰ স্থাপন কৰাৰ সময়ত পুনৰ আতংকিত হৈ পৰিছে বোকাখাতৰ জনসাধাৰণ। সম্প্ৰতি বোকাখাত মহকুমাৰ ১১৭ ৰাজহ গাঁৱৰ বিদ্যালয়ত স্থাপন হ’ব কোৱাৰন্টাইন চেন্টাৰ। বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে পশ্চিম গোলাঘাট শিক্ষা খণ্ডৰ মহকুমা শিক্ষা বিষয়ালৈ এক পত্ৰযোগে বোকাখাত মহকুমাৰ বিদ্যালয় সমূহৰ আন্তঃগাঠনিৰ এক তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।
তৎক্ষনিক ভাবে যোগান ধৰিব লগা তালিকাত বোকাখাত মহকুমাৰ ১১৭খন ৰাজহ গাঁৱৰ অন্তৰ্গত ২খনকৈ চৰকাৰী প্ৰাথমিক, মাধ্যমিক, উচ্চ বুনিয়াদী,উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম সমূহ মহকুমা বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব। সেই বিদ্যালয় সমূহৰ চাৰিসীমাৰ বেৰা, বিজুলী সংযোগ সু ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা থকা, ভাল শৌচাগাৰ আৰু গা ধোৱাৰ সুবিধা থকাৰ লগতে পৰ্যাপ্ত পৰিমাণে ডেস্ক-বেঞ্চ থকা বিদ্যালয়ৰ তালিকা বিচাৰিছে।
উল্লেখযোগ্য যে বোকাখাতলৈ বহিঃৰাজ্যৰ পৰা অহা লোক সকলক কভিদ-১৯ ৰ প্ৰাথমিক পৰীক্ষাৰ বাবে বোকাখাতত স্থানত কৰা তিনিটাকৈ কোৱাৰন্টীন কেন্দ্ৰত ভৰ্তি কৰোৱা হব আৰু পজিটিভ ওলোৱা ব্যক্তি সকলক চিকিৎসাৰ বাবে পঠিয়াই দিয়া হব।
আনহাতে যি সকলৰ পৰীক্ষাত একো নোলায় সেই সকলক নিজৰ অঞ্চলত থকা উক্ত বিদ্যালয়ত স্থাপন কৰা হোম কোৱাৰন্টীন কেন্দ্ৰত ভৰ্তি কৰোৱা হব। এই উদ্দেশ্যে বোকাখাতৰ মহকুমাধিপতিয়ে বোকাখাতৰ কেউটা ছাত্ৰ সংগঠনৰ সৈতৈ মিলিত হয় আৰু ছাত্ৰ সংগঠনৰ সদস্য সকলক কেন্দ্ৰ সমূহ চোৱাচিতা কৰাৰ দায়িত্ব দিয়ে। বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰা হব আৰু পৰিয়ালৰ লোকে খাদ্য সেই ব্যক্তি সকলক যোগান ধৰিব।













