ASSAM TIMES POST
নগাঁও :নগাঁও জিলাত দুগৰাকী শিক্ষাৰ্থী সহ মুঠ তিনি গৰাকীকৈ লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতো চেতনা ঘূৰি অহা নাই নগাঁও চহৰবাসীৰ। তলাবন্ধৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি ঈদৰ বজাৰ কৰাৰ নামত চহৰ খনৰ বৰবজাৰ, ঢাকাপট্টি ,হয়বৰগাঁও, নতুন বজাৰ,মিছন মাৰ্কেট,ষ্টেডিয়াম মাৰ্কেট প্ৰমুখ্যে বিভিন্ন বজাৰত অভূতপূৰ্ব ভিৰ হোৱা পৰিলক্ষিত হৈছে।
চহৰ খনৰ বজাৰ সমূহত ৰাইজৰ ইমানেই ভিৰ হৈছে যে ইজনৰ গাত আন জন লোকৰ গা নলগাকৈ কোনেও খোজ কাঢ়িব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।গ্ৰাহকে ঠাহ খাই পৰিছে চহৰ খনৰ বস্ত্ৰ বিপনী সমূহত।কোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠানতেই মানি চলা নাই সামাজিক দুৰত্বৰ নিৰ্দেশনা।
নাই কোনো হাত ধোৱাৰ ব্যৱস্থা অথৱা ছেনিটাইজাৰ। আনকি বজাৰ কৰিবলৈ অহা অধিকাংশ লোকৰেই মুখত দেখা পোৱা নগ’ল মাস্ক। চহৰ খনৰ ৰাজ পথটো সৃষ্টি কৰে ভীষণ যানজঁটৰ। চহৰ খনৰ এই ভয়াৱহ পৰিৱেশটোৰ বাবে অতি শংকিত হৈ পৰিছে নগাঁও জিলা প্ৰশাসন আৰু সচেতন ৰাইজ।
ইয়াৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলা প্ৰশাসনে চহৰ খনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি চলা আৰু বজাৰলৈ অহা লোক সকলক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি নিৰ্দেশনা জাৰি কৰিছে। সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি নচলা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰি দিয়া হ’ব বুলিও কঠোৰ সকীয়ণি দিয়া হৈছে।













