ASSAM TIMES POST
নগাওঁ :বহিঃ ৰাজ্যত আবদ্ধ নগাঁৱৰ শ্ৰমিক, শিক্ষাৰ্থী আৰু অন্য কামত যোৱা লোকসকল জাকে জাকে নগাঁৱলৈ আহিছে। আজি বহিঃ ৰাজ্যৰ পৰা ২১৩ গৰাকী লোক নগাঁৱলৈ আহিছে। চেন্নাই ,অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, গুজৰাট, ৰাজস্থান, দিল্লী, উত্তৰপ্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত কৰ্মৰত এই লোকসকল ৰেল যোগে নগাঁৱলৈ অহাৰ পিছত নগাঁৱৰ নেহৰুৱালিৰ পৰিপুৰক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয়।
ইয়াত আটাইৰে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত তেওঁলোকক কেইবাটাও ভাগত বিভক্ত কৰি লাওখোৱা আদর্শ বিদ্যালয়, আমনি বহুমুখী ভৱন, ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামপুৰ কলেজ,ননৈ কলেজ, ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শালনা বাপুজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কুৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। এই লোকসকলৰ শ্বাৱৰ নমুনা কেন্দ্ৰ সমূহতে সংগ্ৰহ কৰা হব বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
১৪ মে’ৰ পৰা আজিলৈকে এই আঠটা দিনত নগাঁৱলৈ বহিঃ ৰাজ্যত কৰ্মৰত ৯৮৭ গৰাকী লোকে প্ৰত্যাৱৰ্তন কৰিছে। জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, আজি নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নতুনকৈ ছজন লোকক আছুতীয়া কক্ষত ভৰ্তি কৰোৱা হৈছে। এওঁ লোকৰোঁ শ্বাৱৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
বহিঃ ৰাজ্যৰ পৰা অহা ৯৮৭ গৰাকী লোকৰ বাহিৰে নগাঁৱৰ উজৰা গাওঁ আদর্শ চিকিৎসালয়ত ২০ গৰাকী , মোৱামাৰি আদৰ্শ চিকিৎসালয়ত ৩ গৰাকী, কন্দলি আদৰ্শ চিকিৎসালয়ত ১৮ গৰাকী , নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ২১ গৰাকী লোক কোৱাৰেণ্টাইন হৈ আছে। জিলা স্বাস্থ্য বিভাগে জনোৱা মতে বহিঃ ৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন হৈ থকা লোকসকলক বিভাগীয় নীতি অনুসৰি পর্যায়ক্ৰমে ৰিলিজ দিবৰ বাবে নগাঁও জিলা দিছচাৰ্জ বৰ্ড গঠন কৰা হৈছে।
জিলাখনত আজিলৈকে ৫৬৪২ গৰাকী লোকক হোমকোৱাৰেণ্টাইন কৰা হৈছে। ইতিমধ্যে ৭৮১ গৰাকীৰ শ্বাৱৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। ইয়াৰে ৩৬৫ গৰাকীৰ ক’ভিড-১৯ নিগেটিভ হৈছে, ৩ গৰাকীৰ ক’ভিড-১৯ পজিটিভ আহিছে, ৪১৩ গৰাকীৰ প্ৰতিবেদন এতিয়াও বাকী আছে।
নগাওঁ জিলা প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে জিলাখনত বহিঃ ৰাজ্যৰ পৰা অহা লোকৰ বাবে ১৭ টা কুৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাৰ লগতে ১০০০ বিচনা সাজু কৰা হৈছিল যদিও বহিঃ ৰাজ্যৰ পৰা নগাওঁ জিলালৈ আহিব লগা লোকৰ সংখ্যা বৃদ্ধিলৈ চাই কোৱাৰেণ্টাইন কেন্দ্ৰৰ সংখ্যা ৩১টা লৈ বৃদ্ধি কৰাৰ লগতে ১৯২১ খন বিচনা সাজু কৰা হৈছে।













