ASSAM TIMES POST
নিউজ ডেস্ক:
২৬ৰ পৰা ২৮ মে’ৰ ভিতৰত অসম আৰু মেঘালয়ত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য দুখনত হাই এলাৰ্ট জাৰি কৰিলে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।
মঙ্গলবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাষ্ট্ৰীয় বতৰ পূৰ্বানুমান বিভাগৰ মুৰব্বী সাথি দেৱীয়ে কয়, দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত ২৬ৰ পৰা ২৮ মে’ৰ ভিতৰত উত্তৰ-পূবৰ অসম আৰু মেঘালয়ত প্ৰচুৰ মাত্ৰাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে জলবায়ু সেমেকা হৈ থাকিব।
তেওঁ লগতে জনায় যে ঠাই বিশেষে প্ৰবলৰ পৰা প্ৰবলতম বৰষুণৰ সম্ভাৱনা আছে।আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান মুৰুনজয় মহাপাত্ৰই কয়, “আগন্তুক তিনি দিনৰ বাবে অসম আৰু মেঘালয়ৰ বাবে ৰঙা ৰংবিশিষ্ট সৱধানবাণী জাৰি কৰা হৈছে। তেওঁ লগতে কয় যে মে’ৰ পিছতে জুন মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সৰ্বাধিক পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে।