ASSAM TIMES POST
নগাঁও : ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন কৰ্ণেল ৰঞ্জিত কুমাৰ শৰ্মা (৭১ ) ৰ আজি পুৱা বাঙ্গালোৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত মৃত্যু ঘটে । নগাঁও চহৰৰ আমোলাপট্টিত ১৯৪৯ চনত ৰঞ্জিত কুমাৰ শৰ্মাই জন্ম গ্ৰহণ কৰিছিল।
ৰঞ্জিত কুমাৰ শৰ্মাই নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা ১৯৬৭ চনত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত দ্বিতীয় শীৰ্ষস্হান লাভ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ ৰাজস্হানৰ বিৰলা ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা বি ই ডিগ্ৰী লাভ কৰে।
পিছত তেওঁ ভাৰতীয় সেনা বাহিনীত যোগদান কৰে । ভাৰতীয় সেনাত দক্ষতাৰে দেশৰ বিভিন্ন স্হানত কৰ্তব্য সম্পাদন কৰাৰ পিছত পাঞ্জাবৰ আম্বালা কেন্টনমেন্টৰ পৰা কমাণ্ডিং অফিচাৰ হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে । সেনাৰ পৰা অৱসৰ গ্ৰহণৰ পিছত বিৰলা চিমেন্ট ফেক্টৰীত মহা প্ৰবন্ধক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
অৱসৰ গ্ৰহণৰ পিছত শৰ্মাই নাচিকত স্হায়ী ভাবে থাকিবলৈ লয় । বিগত কিছুদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা ৰঞ্জিত শৰ্মা শেহতীয়া ভাবে বাঙ্গালোৰত থকা ডাঙৰ কন্যা আৰু জোঁৱাইৰ লগত আছিল । কেইদিনমান পূৰ্বে তেওঁ অসুস্হ হৈ পৰাত বাঙ্গালোৰৰ এখন হস্পিতালত ভৰ্তি কৰোৱা হয় আৰু আজি পুৱা ৭ .১০ বজাত মৃত্যু ঘটে।
তেওঁৰ ভাতৃ জ্যেষ্ঠ চিকিৎসক জগন্নাথ শৰ্মাই জনোৱা মতে আজি দুপৰীয়া বাঙ্গালোৰত ৰঞ্জিত কুমাৰ শৰ্মাৰ অন্ত্যোষ্টি ক্ৰিয়া সম্পন্ন হয় ।মৃত্যৰ সময়ত শৰ্মাই পত্নী , দুই কন্যা , জোঁৱাই , দুই ভাতৃ , তিনি ভগ্নী আৰু বহু আত্মীয়ক সংসাৰত এৰি থৈ গৈছে।
ভাৰতীয় সেনাৰ অৱসৰ প্ৰাপ্ত বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাৰ মৃত্যুত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা , প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা , নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দিপীকা লস্কৰে গভীৰ শোক প্ৰকাশ কৰে।













