ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত বিষাক্ত সৰ্প দংশনত মহিলাৰ মৃত্যু:

ASSAM TIMES POST by ASSAM TIMES POST
May 28, 2020
Reading Time: 1 min read
A A
0
বোকাখাতত বিষাক্ত সৰ্প দংশনত মহিলাৰ মৃত্যু:

0 1 e1574345654996 6 1 2 2 14 12 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

অজন্তা তালুকদাৰ:

বিষাক্ত সৰ্প দংশনত বোকাখাত মহকুমাৰ দ্বিতীয় পৰঙনীয়া নেপালীখুঁটিৰ বুলি শইকীয়া(৩৫) নামৰ মহিলা গৰাকীৰ আজি পুৱাৰ ভাগতে শোকাবহভাৱে আকস্মিক মৃত্যু হয়।পৰিয়ালৰ লোকৰ পৰা জানিবলৈ পোৱা মতে বুলি শইকীয়াৰ ঘৰৰ কাঠেৰে নিৰ্মিত পোহনীয়া পাৰ চৰাইৰ বাহত এদাল বিষাক্ত সাপ সোমাই পোহনীয়া পাৰ চৰাই এজনীক দংশন কৰাত চৰাইজনীয়ে যন্ত্ৰণাত ধৰফৰাই উঠি চৰাইজনী ততালিকে মৃত্যু মুখত পৰে।

পাৰ চৰাইৰ ধৰফৰণি শুনি উৎসুক হৈ বুলি শইকীয়াই পাৰৰ বাহটোৰ ভিতৰলৈ হাত ভৰাই চৰাইজনীৰ কি হৈছে চাবলৈ বিচাৰোতেই বাহটোত ইতিমধ্যে সোমাই থকা সাপদালে ততালিকে তেওঁৰ সোঁহাতত দংশন কৰে।

WhatsApp Image 2020 05 28 at 3.40.27 AM e1590665063978 | ASSAM TIMES POST

মহিলা গৰাকীৰ তীক্ষ্ণ আৰ্তনাদ শুনি পৰিয়ালৰ আৰু নিকতবৰ্তী আন লোক আহি তৎক্ষনাৎ তেওঁক বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনে যদিও চিকিৎসা আৰম্ভ কৰিবলৈ নৌ পাওঁতেই মহিলা গৰাকীৰ মৃত্যু ঘটে বুলি সেই সময়ত দায়িত্বত থকা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ অজিত দলৈৰ পৰা জানিব পৰা গৈছে। সৰ্প দংশনৰ সময়ত বুলি শইকীয়াৰ স্বামী ধৰ্মেশ্বৰ শইকীয়া ঘৰৰ পৰা দূৰৈৰ এখন চাহ বাগিছাত নিজৰ কৰ্তব্য স্থানত কৰ্মৰত আছিল।

উল্লেখ্য যে চিকিৎসালয়ত চিকিৎসকে বুলি শইকীয়াক মৃত ঘোষণা কৰাৰ পাছতো পৰিয়ালৰ লোকে মৃতা শইকীয়াৰ শৱ দাহ-সংস্কাৰ কৰিবলৈ নিয়াৰ পৰিবৰ্তে বেজ আনি জৰা-ফুকা কৰি মহিলাগৰাকী পুণৰ জী উঠাৰ আশাত বহু সময় নিজ গৃহ প্ৰাংগনতে ৰাখি থোৱাৰ কথাই একাংশ সচেতন ব্যক্তিক সচকিত কৰি তোলে।বাৰিষা এনে সৰ্প দংশনৰ দুৰ্ঘটনাৰ অধিক সম্ভাৱনা।

সেয়েহে চিকিৎসালয়খনত এই বিষয়ে জৰুৰীকালীন চিকিৎসা সন্দৰ্ভত জানিব বিচৰাত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ মিলন কুমাৰ লস্কৰে জনায় যে সাধাৰণতে বোকাখাত অঞ্চলত ১ বা ২ শতাংশ লোকহে এনে বিষাক্ত সাপৰ দংশনৰ চিকিৎসা ল’বলৈ আহে। এনে অহা ৰোগীৰ সংখ্যা তেনেই বিৰল।

অধীক্ষক গৰাকীয়ে আৰু জনায় যে হস্পিটেলখনত বিষাক্ত সৰ্প দংশনৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় দৰৱ “এণ্টি-স্নেক ভেনম” মজুত আছে যদিও এনে দৰৱৰ ব্যৱহাৰৰ বাবে বিশেষজ্ঞ চিকিৎসক আৰু আই চি ইউ হস্পিটেলখনত বৰ্তমান উপলব্ধ নহয়। তেনে ক্ষেত্ৰত কাৎসিৎ অহা এনে ৰোগীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিকতবৰ্তী আন উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

তাৰ বাহিৰে আন কম বিষযুক্ত সাধাৰণ সৰ্পৰ দংশনৰ চিকিৎসাৰ বাবে হস্পিটেলখনলৈ অহা দুই এক ৰোগীক এই চিকিৎসালয়তে উপলব্ধ সাধাৰণ চিকিৎসা পদ্ধতিৰে আৰোগ্য কৰি তোলা হয়।এগৰাকী জনপ্ৰিয়, সৰল আৰু তেনেই স্বল্পবয়সীয়া মহিলাৰ এনে আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বুলি শইকীয়াই স্বামী ধৰ্মেশ্বৰ শইকীয়াৰ লগতে দুই পুত্ৰ কণ্যা, ভালে সংখ্যক আত্মীয়-স্বজনৰ লগতে বহু সংখ্যক গুণমুগ্ধক এৰি থৈ গৈছে।

Tags: Featured2
Share7Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx