ASSAM TIMES POST
নগাঁও: নগাঁও জিলাৰ ধিং বিধান সভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক আমিনুল ইছলামৰ অৱশেষত জামিন আবেদন মঞ্জুৰ হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰ্ত সাপেক্ষে আজি জামিন মঞ্জুৰ কৰে বিতৰ্কিত বিধায়ক আমিনুল ইছলামৰ।
ইয়াৰ পিছত তেওঁ মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হয়। উল্লেখ্য,মহামাৰী কোৰোনা ভাইৰাছ সন্দৰ্ভত বিধায়ক গৰাকীয়ে ৬ এপ্ৰিলত সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল আৰু এই গোচৰৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে ইছলামক গ্ৰেপ্তাৰ কৰিছিল।
উল্লেখ্যযোগ্য যে বিধায়ক আমিনুল ইছলামৰ এটা অডিঅ’ বাৰ্তালাপত কেতবোৰ আপত্তি জনক মন্তব্য পোহৰলৈ আহিছিল। পিছত ইয়াৰ ওপৰত এজন ব্যক্তিয়ে নগাঁও সদৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত সোধপোচৰ বাবে নগাঁও আৰক্ষীয়ে আটক কৰিছিল বিধায়ক ইছলামক৷
পিছত অৰ্থাৎ ৭ এপ্ৰিলৰ নিশা প্ৰায় ১ বজাত সোধ পোচৰ অন্তত আৰক্ষীয়ে বিধায়ক গৰাকীক গ্ৰেপ্তাৰ কৰিছিল। স্মতৰ্ব্য যে -অসম বিধানসভাৰ অধ্যক্ষৰ অনুমতি গ্ৰহণ কৰি বিধায়কজনক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে।













