ASSAM TIMES POST
নগাঁও: ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধক আৰু ঔষধ আৱিষ্কাৰক লৈ বিশ্বৰ বিভিন্ন দেশত গৱেষণা চলি থকাৰ মাজতে আমাৰ দেশত এচাম লোকে বন দৰৱ অথবা কেতবোৰ পথ্য সেৱনৰ দ্বাৰা ক’ৰোনা ভাইৰাছৰ পৰা হাত সাৰি থাকিব পাৰি বুলি বিভিন্ন প্ৰকাৰে প্ৰচাৰ চলাই আহিছে ।
শেহতীয়াকৈ নগাঁও জিলাৰ ঘাঁহী মাজগাঁৱৰ এগৰাকী মহিলাই সপোনত ক’ৰোনা ভাইৰাছৰ ঔষধ আৱিষ্কাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিপালী বনিয়া নামৰ মহিলা গৰাকীয়ে জনোৱা মতে তেওঁক যোৱা ৯ মে’ত ভগৱানে সপোনত আহি এটা বন দৰৱ দেখুৱাইছিল।
গছৰ শিপাৰে প্ৰস্তুত কৰা হয় ঔষধটো। আনহাতে ঔষধটো লাভ কৰাৰ পিচৰ পৰাই মহিলা গৰাকীৰ বিভিন্ন শাৰীৰিক আৰু মানসিক বিসংগতিয়ে দেখা দিয়ে।পিচত মহিলা গৰাকীয়ে নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ লগত যোগাযোগ কৰাত তেওঁৰ পৰামৰ্শ ক্ৰমে স্বাস্থ্য বিভাগৰ দুজন আয়ুৰ্বেদিক চিকিৎসক মহিলা গৰাকীৰ ঘৰত উপস্থিতহৈ অনুসন্ধান কৰে।
তেওঁলোকে ঔষধৰ নমুনা পৰবৰ্তী সময়ত গুৱাহাটীস্থিত আয়ুস কেন্দ্ৰলৈ পঠিয়াব বুলি জানিব পৰা গৈছে।ঘটনাটোক কেন্দ্ৰ কৰি বিশ্বাস-অন্ধবিশ্বাসৰ বিভিন্ন প্ৰশ্নৰ সৃষ্টি হৈছে। আনহাতে পৰীক্ষাৰ অন্ততহে বিষয়টোৰ সত্যতা নিৰূপন হব বুলি আয়ুৰ্বেদিক চিকিৎসকদ্বয়ে মত প্ৰকাশ কৰে ।













