ASSAM TIMES POST
নগাঁও: কোৱাৰেন্টীন হোৱাৰ ভয়ত কালি নিশা এজন যুৱকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোৱাৰেন্টীন চেন্টাৰৰ পৰা পলায়ন কৰা ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হয়। চিকিৎসালয়খনৰ দুমহলীয়া বিল্ডিঙত থকা কোৱাৰেণ্টীন চেন্টাৰৰ স্নানাগাৰৰ খিৰিকি ভাঙি পাইপেৰে নামি এনেদৰে পলায়ণ কৰা যুৱকজন হৈছে কচুৱা অঞ্চলৰ অভিনন্দন দাস।
বহি:ৰাজ্যৰ পৰা আহি কন্দলী আদৰ্শ চিকিৎসালয়ত কোৱাৰেন্টীনত থকা অভিনন্দনক পৰৱৰ্তী সময়ত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আইচ’লেচনত ৰখা হৈছিল। আইচ’লেচনত থকা অভিনন্দনে যোৱা নিশা পলায়ণ কৰাৰ পিচতে স্বাস্থ্যবিভাগে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিতে আজি পুৱা নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে বৰঘাট বাইপাছৰ পৰা অভিনন্দনক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ণ কৰাৰ পিছতে অভিনন্দনে চহৰখনৰ মৰিকলঙৰ এটা শিৱমন্দিৰত আশ্ৰয় লৈছিল। নিশা মন্দিৰত কটোৱা অভিনন্দনে পুৱা কচুঁৱাৰ নিজ গৃহলৈ ঘূৰি যোৱাৰ উদ্দেশ্যে বৰঘাট বাইপাছত উপস্থিত হয়গৈ।
কিন্তু বৰঘাট বাইপাছত থকা অৱস্থাতে আৰক্ষীয়ে অভিনন্দনক বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু আটক কৰি এখন এম্বুলেঞ্চত পুনৰ চিকিৎসালয়খনলৈ আনে। স্বাস্থ্য বিভাগে ইতিমধ্যে অভিনন্দনৰ ‘স্বোৱাৱ’ৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও বৰ্তমানলৈকে ফলাফল অহা নাই বুলি জানিব পৰা গৈছে ।













