ASSAM TIMES POST
নিউজ ডেস্ক-
সমগ্ৰ বিশ্বতেই সংহাৰ চলোৱা ক’ৰনাৰ কালদংশণে এইবাৰ খোট মাৰিলে ভাৰতীয় সংগীত জগতত।নভেল ক’ৰোনা ভাইৰাচত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিল বলীউডৰ যশস্বী সংগীতকাৰ ৱাজিদ খান। কেৱল সংগীতকাৰেই নহয় এগৰাকী সুদক্ষ গায়ক আৰু ছবি পৰিচালক হিচাপেও ৱাজিদ খানে বলীউডত প্ৰতিষ্ঠা হৈছিল।বিশেষকৈ বলীউডৰ ভাইজান ছলমান খানৰ অধিকাংশ ছুপাৰহিট চিনেমাৰ গীত চাজিদ- ৱাজিদ দুই ভাতৃদ্বয়ে পৰিচালনা কৰিছিল।ইয়াৰ ওপৰিও ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় সংগীত ৰিয়েলিটি শ্ব’ “চা ৰে গা মা পা ২০১২”আৰু”চা ৰে গা মা পা চিংগিং চুপাৰষ্টাৰতো বিচাৰকৰ আসন শুৱনি কৰিছিল প্ৰয়াত সংগীত শিল্পী গৰাকীয়ে।
জানিবপৰা ম’তে বিগত কিছু মাহৰ পৰা প্ৰয়াত শিল্পীগৰাকীয়ে জটিল বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। আনকি শিল্পীগৰাকীৰ দেহত নতুন বৃক্কৰো সংৰোপন কৰা হৈছিল।কিন্তু শেহতীয়াতকৈ বিগত কিছু দিনৰ পৰা শিল্পীগৰাকীৰ শাৰিৰীক অৱস্থা ক্ৰমান্বয়ে বেয়ালৈ ঢাল খায়।তাৰ মাজতে শিল্পীগৰাকী মহামাৰী নভেল ক’ৰোনা ভাইৰাচতো আক্ৰান্ত হৈ পৰে। যাৰ বাবে কিছুদিনৰ পূৰ্বে শিল্পীগৰাকীক হস্পিতালত ভৰ্তি কৰোৱা হয়। কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি সোমবাৰে বলিউডৰ জনপ্ৰিয় শিল্পী গৰাকীয়ে ইহসংসাৰ ত্যাগ কৰে।উল্লেখ্য যে চাজিদ আৰু প্ৰয়াত ৱাজিদ খান এসময়ৰ প্ৰখ্যাত তবলা বাদক উস্তাদ সৰাফট আলী খানৰ পুত্ৰ।












