ASSAM TIMES POST
নিউজ ডেস্ক:
শ্ৰম আইন সংশোধন, কেন্দ্ৰীয় চাকৰিয়ালৰ মৰগীয়া ভাট্টা কৰ্তন আৰু দেশৰ লাভজনক উদ্যোগ সমূহ পুঁজিপতি হাতত গটাই দিয়া আদি সিদ্ধান্তৰ বিৰোধীতাৰে অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰু এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নে আজিৰে পৰা গ্ৰহণ কৰিছে এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী।আজিৰে পৰা অহা ৭ জুনলৈ সপ্তাহজোৰা ‘জাগৰণ সপ্তাহ’ পালন কৰিব।৮ জুনত পালন কৰিব “কলা দিৱস”।এই কথা অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি তথা এন.এফ.ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তই জানিবলৈ দিছে।তেওঁ কয় দেশ বাসী ক’ৰনা আতংকত আৰু লকডাউনৰ বাবে ঘৰত আৱদ্ধ হৈ থকাৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক বিৰোধী কাৰ্যত লিপ্ত হৈছে। দেশৰ লাভজনক উদ্যোগ সমূহ বিক্ৰী কৰিব ধৰিছে।শ্ৰমিকৰ কৰ্তব্যৰ সময় আঠ ঘণ্টাৰ পৰা বৃদ্ধি কৰি বাৰ ঘণ্টা কৰি শ্ৰম আইন সংশোধন কৰিছে।কেন্দ্ৰীয় চাকৰিয়ালৰ মৰগীয়া বানচ বন্ধ কৰি কৰ্মচাৰী আৰু পেন্সনাৰ সকলক নিজৰ প্ৰাপ্যৰ পৰা বন্সিত কৰিছে”।
ইয়াৰ উপৰিও কৰ্মচাৰী আৰু পেন্সনাৰে বছৰত দুবাৰ মৰগীয়া বানচ লাভ কৰাটো বিধিসন্মত প্ৰক্ৰিয়া চৰকাৰে মূল্য বৃদ্ধি ৰোধ কৰা পৰিবৰ্তে কৰ্মচাৰীৰ মৰগীয়া বানচৰ কিস্তি ৰদ কৰা কাৰ্যই কৰ্মচাৰীক ক্ষতিগ্ৰস্ত কৰাৰ লগতে মনোবল ভাঙি পেলাব- দাস গুপ্তাই কয়।
কেন্দ্ৰীয় চৰকাৰৰ এনে শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে চাকৰিয়াল আৰু জনসাধাৰণক সজাগ কৰি তুলিবলৈ গ্ৰহণ কৰা হৈছে এই আন্দোলনৰ কাৰ্যসূচী বুলি উল্লেখ কৰি
দাসগুপ্তই কয় “সমূহ ৰেল শ্ৰমিকে বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ ৰাখি চৰকাৰী নীতি -নিয়মৰ মাজেৰে আন্দোলনৰ কাৰ্যসূচী যাতে পালন কৰে”।












