ASSAM TIMES POST
নিউজ ডেস্ক:
আজিৰে পৰা সমগ্ৰ দেশত ‘এক দেশ, এক ৰেচন কার্ড’ প্ৰৱৰ্তন হৈছে। ইয়াৰ দ্বাৰা এতিয়া দেশৰ কোনো এখন ৰাজ্যৰ ৰেচন কার্ড ব্যৱহাৰ কৰিয়েই অন্য ৰাজ্যৰ পৰা ৰেচন ল’ব পাৰিব। ‘এক দেশ, এক ৰেচন কার্ড’ আঁচনি অনুযায়ী, দাৰিদ্ৰ্য সীমাৰ তলত থকা লোকসকলে ন্যায্য মূল্যত দেশৰ যিকোনো প্রান্তৰ পৰা ৰেচন ল’ব পাৰিব।
ইয়াৰ বাবে ৰেচন গ্রাহকসকলে পুৰণি ৰেচন কার্ড ঘূৰাই দিবও নালাগে বা নতুনকৈ ৰেচন কার্ড বনাবও নালাগে। এই প্রকল্পৰ সুবিধা গ্ৰহণ কৰিবলৈ কি কি কৰিব লাগিব জানি লওঁ আহক৷
যদি আপুনি অনলাইন ৰেচন কার্ডৰ বাবে আবেদন কৰিছে, তেতিয়াহ’লে আপুনি এই প্রক্রিয়াসমূহ সম্পন্ন কৰিব লাগিব।
# প্ৰথমে নিজ ৰাজ্যৰ খাদ্য আৰু যোগান বিভাগৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
# তাত নিজৰ ভাষা নির্বাচন কৰক।
# ইয়াৰ পিছত কিছু ব্যক্তিগত তথ্য যেনে জিলা, গাঁৱৰ নাম, পঞ্চায়ত আদি সম্বন্ধে অৱগত কৰাব লাগিব।
# এইবাৰ আপোনাৰ কার্ডৰ প্রকাৰ (APL/BPL/Antodaya) নির্বাচন কৰিব লাগিব৷
# ইয়াৰ পিছত আপোনাৰ পৰা আৰু কিছু তথ্য বিচৰা হ’ব যেনে পৰিয়ালৰ মুৰব্বীৰ নাম, আধাৰ কার্ড নম্বৰ, ভোটাৰ আইডি, বেংক একাউণ্ট নম্বৰ, মোবাইল নম্বৰ ইত্যাদি।
# সকলো তথ্য দিয়াৰ পিছত শেষত আপুনি ছাবমিট বুটামত ক্লিক কৰিব লাগিব। ইয়াৰ উপৰি আপুনি দিয়া তথ্যৰ এটি প্রিণ্ট কপি আপোনাৰ ওচৰত ৰাখিব লাগিব।
আবেদন কৰাৰ বাবে আপোনাক কি কি লাগিব : ৰেচন কার্ড বনোৱাৰ বাবে আইডি প্রুফ হিচাবে আধাৰ কার্ড, ভোটাৰ কার্ড, পাছপোর্ট, চৰকাৰৰ দ্বাৰা জাৰি কৰা যিকোনো কার্ড। ইয়াৰ উপৰি পান কার্ড, পাছপোর্ট ছাইজ ফটো, উপাৰ্জনৰ প্রমাণ-পত্র, ঠিকনাৰ প্রমাণ হিচাবে বিদ্যুৎ বিল, গেছ কানেকচন বহী, টেলিফোন বিল, বেংক ষ্টেটমেণ্ট অথবা পাছবুক প্ৰয়োজন হ’ব।












