ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত বেয়াৰ মাজত আহিল ভাল খবৰ। সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী সকল। ৰাজ্যত নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৯২জনকৈ লোক। সোমবাৰে ৯২জনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকক সুস্থ বুলি ঘোষণা কৰা হয়।
ইয়াৰে ৪৬জন কালাপাহাৰ, ২২জন এমএমচিএইচ, ১৩জন টিএমচি, ৭জন জেএমচিএইছ, ২জন এফএএএমচিএইচ, ১জন এছএমচিএইচ আৰু ১জন এএমচিএইছৰ।দুবাৰকৈ কোভিড টেষ্টত নিগেটিভ অহাৰ পাছত সুস্থ বুলি ঘোষণা হয় লোক কেইজনক।ৰাজ্যত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত ২৭৭জন সুস্থ হৈ উঠিছে। বৰ্তমান ৰাজ্যত ১১০৬জন চিকিৎসাধীন হৈ আছে। টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।












