ASSAM TIMES POST
মহানগৰী ৰুক্মিণীগাঁৱত ভয়ংকৰ ঘটনা। ফায়াৰ এক্সটিংগুইচাৰৰ ৰিফিলিঙৰ দোকানত বিস্ফোৰণ হৈ এজন কৰ্মচাৰীৰ মৃত্যু। ৰুক্মিনী গাঁৱৰ লাইফ কেয়াৰ ইকুইন্টমেন্ট নামৰ দোকানখনত সংঘটিত হয় মৰ্মান্তিক ঘটনাটো। দোকানখনৰ মালিক আছিল প্ৰশান্ত কুমাৰ ভৰালী। ব্যৱসায়ী প্ৰতিষ্ঠাখনৰ ৰেজিষ্ট্ৰেচন আছে পত্নী মিনতী ভৰালী নামত।
মঙলবাৰে কাম কৰি থকা অৱস্থাতে বিস্ফোৰণ ঘটি থিতাতে নিহত হোৱা কৰ্মচাৰীজনৰ নাম মৃদুল ডেকা। ২৫ বছৰীয়া কৰ্মচাৰীজনৰ ঘৰ নলবাৰীত।
উল্লেখ যে, দিনৰ ভাগত সংঘটিত হৈছিল মৰ্মান্তিক ঘটনাটো। ততাতযাকৈ যুৱকজনক গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে, ব্যৱসায়ীক প্ৰতিষ্ঠানখনত প্ৰথমবাৰৰ বাবে আজি কাম কৰিছিল যুৱকজনে। ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।













