ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ লগে লগে বিশ্বজুৰি খলকনিৰ সৃষ্টি হয়। সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘোষণা কৰাৰ লগে লগে ঘৰুৱা সংবাদ মাধ্যমতেই নহয়, বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমতো ই শিৰোনাম দখল কৰে। তলত বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমে কেনেকৈ ইয়াৰ বাতৰি প্ৰকাশ কৰিলে, সেয়া উল্লেখ কৰা হ’লঃ
দ্য গাৰ্ডিয়ানঃ লণ্ডনস্থিত দ্য গাৰ্ডিয়ানে ইয়াক ‘কাশ্মীৰৰ স্থিতিক লৈ যিকোনো চৰকাৰে দিয়া পৰামৰ্শসমূহৰ ভিতৰত অতি আমূল পৰিৱৰ্তন’ আখ্যা দিয়ে। ৰাজ্যখনক দুভাগত ভাগ কৰাটোক ‘নাটকীয় পৰিৱৰ্তন’ বুলি কয়।
বিবিচিঃ বিবিচিৰ মতে ‘জম্মু-কাশ্মীৰ সম্পৰ্কত ই অতি গুৰুত্বপূৰ্ণ ব্যৱস্থা’। অৱশ্যে ইয়াকে লৈ আশংকাও ব্যক্ত কৰে বিবিচিয়ে।
চিএনএনঃ আমেৰিকাস্থিত চিএনএনে কয় ‘মোডী চৰকাৰে বিতৰ্কিত পৰিৱৰ্তনৰ কথা ঘোষণা কৰিলে।’ শিৰোনামত কয়, ‘কাশ্মীৰৰ মৰ্যাদা সলনি কৰিবলৈ ভাৰতৰ পৰিকল্পনা প্ৰকাশৰ জৰিয়তে ইয়াত লাগিল তলা।’
দ্য ৱাশ্বিংটন প’ষ্টঃ দ্য ৱাশ্বিংটন প’ষ্টে কয় যে ইয়াৰদ্বাৰা নতুন সংঘাতৰ সৃষ্টি হ’ব। ইয়াৰদ্বাৰা নতুন দিল্লী আৰু জম্মু-কাশ্মীৰৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিব।
ডৌন নিউজঃ প্ৰত্যাশিতভাৱেই পাকিস্তানৰ সংবাদ মাধ্যমে ইয়াক সমালোচনা কৰে। এই সিদ্ধান্তক ‘এটা খৰতকীয়া নিৰ্দেশ’ আখ্যা দিয়ে ডৌন নিউজে।













