ASSAM TIMES POST
নগাঁও : নগাঁৱত পৰিত্যক্ত অৱস্থাত সঘনাই পি পি কিট উদ্ধাৰক লৈ সৰ্বসাধাৰণ সাধাৰণ ৰাইজ শংকিত হৈ পৰিছে । জানিব পৰা মতে, বিগত দুই/তিনি দিনত নগাঁও চহৰকে ধৰি দাঁতিকাষৰীয়া বিভিন্ন স্থানত পৰিত্যক্ত অৱস্থাত ব্যৱহৃত পি পি কিটসমুহ উদ্ধাৰ হয়।
নগাঁও চহৰৰ ধিং গেটৰ ডিউ কেয়াৰ হস্পিতালৰ সমীপৰ ধিং ৰোডৰ কাষত কালি এটা পি পি কিট উদ্ধাৰ হোৱাৰ লগতে উক্ত এলেকাত আজিও মেৰিয়াই থোৱা অৱস্থাত আন এটা কিট উদ্ধাৰ হয়। আনহাতে, কালি উৰিয়াগাঁৱৰ বাইপাচ চ’ক আৰু বেবেজীয়াৰ সমীপৰ বৰহোলাতো দুটাকৈ পি পি কিট উদ্ধাৰ হয়।
অৱশ্যে স্থানীয় লোকে প্ৰত্যক্ষ কৰি কিটসমুহ কৌশলেৰে জ্বলাই দিয়ে। উল্লেখ্য, মহামাৰী কৰোনা ভাইৰাছৰ পৰা হাত সাৰিবৰ বাবে বিশেষকৈ স্বাস্থ্য কৰ্মীৰ লগতে কোৱাৰেনন্টীন শিবিৰত বহি:ৰাজ্য ফেৰত লোকক খাদ্যৰ যোগান ধৰা আৰু বহি:ৰাজ্যৰ পৰা অহা লোকক স্কীনিং আদি কামৰ লগত জড়িত বিষয়া-কৰ্মচাৰী আৰু স্বাস্থ্য কৰ্মী সকলে এই পি পি কিট ব্যৱহাৰ কৰে।
একক ব্যৱহাৰ যোগ্য এই পি পি কিট সমুহ নিয়ম অনুসৰি এবাৰ ব্যৱহাৰ কৰাৰ পিছত জ্বলাই দিব লাগে যদিও এই কিট সমুহ নগাঁৱৰ ৰাজপথৰ দাঁতিত সঘনাই উদ্ধাৰ হোৱা ঘটনাই ৰাইজক শংকিত কৰি তুলিছে । কোনে কি কাৰণত এই ব্যৱহৃত পি পি কিট সমূহ এনেদৰে ৰাজপথত পেলাই থৈ গৈছে তাক লৈ নানা প্ৰশ্নৰ উদয় হৈছে ।













