ASSAM TIMES POST
অজন্তা তালুকদাৰ
এশিঙীয়া গঁড় আৰু জৈৱ বৈচিত্ৰৰ বিপুল সমাহাৰেৰে বিশ্বত অসমৰ সুকীয়া পৰিচয় বহন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। এই বিৰাট সেউজ ক্ষেত্ৰৰ বুকুত থকা বন্যপ্ৰাণীৰ স্বাস্থ্যৰ নিৰাপত্তা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম প্ৰধান চৰ্ত।
বহু পৰিমাণে উদ্যানখনৰ বন্যপ্ৰাণীৰ স্বাস্থ্যৰ নিৰাপত্তা নিৰ্ভৰ কৰে কাষৰীয় অঞ্চলৰ পোহনীয়া জীৱ জন্তুৰ ওপৰত৷ যাৰ বাবে কাষৰীও গাওঁবোৰৰ পোহনীয়া গৰু ম’হক প্ৰতি বছৰতেই উদ্যান কৰ্তৃপক্ষৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হয় ৷
চলিত বৰ্ষতো প্ৰদান কৰা হৈছে এই প্ৰতিষেধক৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাঁৱত যোৱা ৩০ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা পোহনীয়া পশুধনৰ প্ৰতিষেধক প্ৰদানৰ অভিযান ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত, বোকাখাত আৰু বুঢ়াপাহাৰ বনাঞ্চলত এই অভিযানৰ সামৰণি পৰিছে ৷
এই অভিযানত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয় গাওঁবোৰৰ পশুধনক চবকা, গলফুলা আৰু জহৰবাতৰ দৰে সংক্ৰমিত ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে ট্ৰায়ভেক নামৰ প্ৰতিষেধক বিধ প্ৰদান কৰা হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় সংগঠন বিশ্ব প্ৰকৃতি নিধিয়ে এই প্ৰতিষেধৰ যোগান ধৰিছে ৷ বিগত চাৰিটা বছৰত পশু চিকিৎসা বিভাগৰ সহযোগত কাষৰীয় গাওঁৰ পশুধনক প্ৰদান কৰি অহা হৈছে এই প্ৰতিষেধক ৷
চলিত বৰ্ষৰ মে’ মাহত কাজিৰঙাৰ বোকাখাত বনাঞ্চলৰ কাষৰীয় গাওঁ আৰু চপৰিৰ মুঠ ৩,০২২ গৰু ম’হ আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ১,৫৮৪ টা গৰু ম’হ ৰ লগতে অগৰাতলি বনাঞ্চলৰ কাষৰীয় গাওঁৰ মুঠ ৩,৯৪৫ গৰু ম’হক এই প্ৰতিষেধক প্ৰদান কাৰ্যৰ সামৰণি পৰিছে৷ এতিয়ালৈকে কাষৰীয় গাওঁৰ ১০,৬৩৯ টা পশুধনক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ বিপৰীতে ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত সম্প্ৰতি এই অভিযান চলি আছে৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰতিষেধক প্ৰদান অভিযানত গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ আৰু নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ পশু চিকিৎসা বিভাগৰ পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক , গোপাল মিত্ৰ আৰু মৈত্ৰী সদস্যই সহায় কৰে ৷
যাৰ বাবে তিনিটা বনাঞ্চলত এই বৃহৎ সংখ্যক পশুধনক প্ৰতিষেধ প্ৰদান কৰিব পৰা গৈছে বিভাগীয় সূত্ৰত প্ৰকাশ৷ বুঢ়াপাহাৰ বনাঞ্চলত আৰণ্যকৰ আৰিফ হোছেইন , বাগৰিত বিশ্ব প্ৰকৃতি নিধিৰ ডা৹ পৰীক্ষিত কাকতি, কহঁৰা বনাঞ্চলত কৰবেট ফাউণ্ডেচনৰ ডা৹ নবীন পাণ্ডে আৰু অগৰাতলি আৰু বোকাখাত বনাঞ্চলত অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই প্ৰতিষেধক প্ৰদানৰ এই অভিযান পৰিচালনা কৰে ৷
কাষৰীয় গাঁৱৰ উপৰিও ব্ৰহ্মপুত্ৰৰ মাজৰ গৰু ম’হৰ চাপৰিতো ২০১৬ চনৰ পৰাই পোহনীয়া গৰু ম’হক এই প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷ যাৰ বাবে বিগত সময়ত এইবোৰ অঞ্চলত সংক্ৰমন ৰোগৰ হোৱাৰ বাতৰি পোৱা নাই ৷













