ASSAM TIMES POST
নিউজ ডেস্ক:
শেহতীয়াভাৱে তামিলনাডুৰ পৰা উভতি অহা এজন যুৱকক বলপূৰ্বক গছৰ ওপৰত কোৱাৰেনটাইন কৰিবলৈ বাধ্য কৰোৱাৰ খবৰে ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো শোণিতপুৰ জিলাৰ।জানিব পৰা মতে, যোৱা ২৬ মে’ত চেন্নাইৰ এটা নিৰ্মাণ কোম্পানীত কাম কৰা আমোশ বসুমতাৰী নামৰ যুৱকজন লকডাউনৰ বাবে কোম্পানী বন্ধ হোৱাত ঘৰলৈ উভতি আহে।
ইয়াৰ পিছত তিনি ৰাতি ঢেকীয়াজুলিত কোৱাৰেনটাইন কেন্দ্ৰত থাকি কোভিড পৰীক্ষাত নেগেটিভ হোৱাত তেওঁক ঘৰলৈ যাব দিয়া হয়। কিন্তু ঘৰত উপস্থিত হোৱাৰ পিছত ২১ বছৰীয়া যুৱকজনক গাঁৱৰ মানুহে ১৪ দিনৰ বাবে এডাল গছৰ ওপৰত কোৱাৰেনটাইনৰ নিৰ্দেশ দিয়ে।ইয়াৰ পিছত অসম-অৰুণাচল সীমান্তৰ আনচাইপুৰ গাঁৱৰ বাসিন্দাসকলে গছৰ ওপৰত বাঁহেৰে সাজি দিয়া চাংঘৰত বাসুমতাৰীক পুনৰ ১৪ দিনৰ আইচ’লেছনৰ নিৰ্দেশ দিয়ে।
প্ৰবল বৰষুণৰ মাজতো কেৱল এখন পলিথিনেৰে নিৰ্মাণ কৰা ঘৰটোত তেওঁক থাকিব দিয়াৰ লগতে খাবৰ বাবে মাত্ৰ ২০ কিলোগ্ৰাম চাউল দিয়ে। কিন্তু তেওঁ ১০ দিন সম্পূৰ্ণ পৃথককৈ ১০ দিন থাকিব বিচৰাতো গাঁওবাসী মান্তি নহয়। তেওঁ বনৰীয়া শাক-পাচলি, কাঠফুলা, কচু আদি খায়েই পাৰ কৰিবলগা হয়।
সৌভাগ্যক্ৰমে সেই সময়চোৱাত বনৰীয়া হাতী অহা নাছিল।এতিয়া যুৱকজনৰ এই দুদৰ্শাৰ কাহিনী পোহৰলৈ অহাৰ লগে লগে কেউফালে চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টিগোচৰ হৈছে এই মৰ্মান্তিক কাহিনী।













