ASSAM TIMES POST
গুৱাহাটীঃ যোৱা কেইটামান বৰ্ষৰ দৰে এইবাৰো বানপানীত দুৰ্গতসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ তৰ্কিক সকলক লৈ গঠিত অনুষ্ঠান নৰ্থ ইষ্ট ডিবেটাৰ্ছ এছ’চিয়েচন। অনুষ্ঠানটোৱে কামৰূপ গ্ৰাম্য জিলাৰ ডিমৌৰ ওচৰৰ পানীখাইটি অঞ্চলত সাহায্য সামগ্ৰীৰ বিতৰণ কৰে।
উল্লেখ্য যে উক্ত অঞ্চলটো এইবাৰ বানপানীত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে সেয়েহে নৰ্থ ইষ্ট ডিবেটাৰ্ছ এছ’চিয়েচনে বিভিন্ন সামগ্ৰী যেনে চাউল, দাইল, চেনি, মুৰি, চাবোন, বিস্কুট, চুজি, চিৰা, ব্লিচিং পাউদাৰ, নিমখ, মহ খেদা ধূপ, হালধি, মম বাতি, ভূজিয়া, আঁঠুৱা, চয়াবিন, মিঠাতেল আদি বিতৰণ কৰা হয়। শতাধিক পৰিয়ালৰ মাজত এই সাহায্য সামগ্ৰী বিতৰণ কৰা হয় |
নেডাৰ সভাপতি দিপক শৰ্মাই জানিবলৈ দিয়া মতে সংগঠনটোৱে ভৱিষ্যতৰ দিনতো অধিক শৈক্ষিক আৰু সামাজিক কাৰ্যসূচী চলাই যাব।নেদাৰ আজিৰ কাৰ্যসূচীত সহযোগিতা কৰে হাইলেন্দাৰ ব্ৰিডেদ নামৰ অনুষ্ঠানটোৱে।