ASSAM TIMES POST
ৰাজ্যত পুনৰ ২৯ গৰাকী সুস্থ হৈ উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ পুণৰ ২৯গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সুস্থ হোৱা লোকসকল ১৪ জন এমএমচিএইছ ,৫এফএএএমচিএইচ , ৪ শিলচৰ মেডিকেল কলেজৰ , ৩ জন গোলাঘাট ছিভিলৰ, ১ জন জিএম চি এছ আৰু এজন ২ ধেমাজিৰ।বৰ্তমানেও ১৪৬৯ জন লোক চিকিৎসাধীন হৈ আছে।অসমত বৰ্তমানলৈ ৪৪০ জন লোক সুস্থ হৈ উঠিছে।













