ASSAM TIMES POST
ৰাজ্যত পুনৰ ১৭ গৰাকী সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ পুণৰ ১৭ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সুস্থ হোৱা লোকসকল ২ জন ধেমাজী জিলা চিকিৎসালয় আৰু ১৫জন সোনাপুৰ জিলা চিকিৎসালয়ৰ।অসমত বৰ্তমানলৈ ৪৫৯ জন লোক সুস্থ হৈ উঠিছে আৰু ১৬৪৯ জন লোক চিকিৎসাধীন হৈ আছে।













