ASSAM TIMES POST
২০২০ বৰ্ষৰ “গ্রেট গ্রিন এৱাৰ্ড”, “গ্ৰাছ ৱমেন এৱার্ড” আৰু
“গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড” ৰ প্ৰাপকৰ নাম ঘোষণাঃ
ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত:
পৰিবেশ সংৰক্ষণৰ লগতে সেউজ ধৰণী গঢ়াৰ সংকল্পৰে গঠন হৈ ৰাজ্যখনত পৰিচিত হৈ পৰা বোকাখাতৰ অন্যতম স্বেচ্ছাসেবী সংগঠন ‘গ্রাছ’য়ে আজি দিনজোৰা কাৰ্যসূচীৰে নৱ নির্মিত স্থায়ী কার্যালয় প্রাঙ্গনত অনুষ্টুপীয়াকৈ বিশ্ব পৰিৱেশ দিৱস আৰু পঞ্চম প্রতিষ্ঠা দিৱস আয়ােজন কৰে। সামাজিক দূৰত্ব বর্তাই ৰাখি পুৱা পতাকা উত্তোলন কৰে গ্ৰাছৰ স্থায়ী সভাপতি অংকুৰ বৰঠাকুৰে। ইয়াৰ পিছতে বোকাখাত মহকুমা প্রশাসনৰ সহযােগত মহকুমাধিপতি কার্যালয় প্রাঙ্গণত বৃক্ষ ৰােপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহকুমাধিপতি বিবেক শ্যামে।

মহকুমাধিপতি কার্যালয়ৰ সভা কক্ষত মহকুমাধিপতি অধ্যক্ষাত স্বচ্ছতা আৰু সেউজকৰণৰ ওপৰত এক আলােচনা চক্র অনুষ্ঠিত হয়। সভাত উপস্থি থাকে মহকুমা নির্বাচনী বিষয়া নিশিতা বৰা, মহকুমা তথ্য আৰু জনসংযােগ বিষয়া মামন বৰকটকী, অৱসৰপ্ৰাপ্ত বন বিষয়া মন্টু বৰা, সাংবাদিক তথা গ্ৰাছৰ উপদেষ্টাদ্বয় অমৰ শৰ্মা আৰু সাংবাদিক তথা নুমলীগড় জুনিয়ৰ কলেজৰ ইংৰাজীৰ বিষয় শিক্ষক অজন্তা তালুকদাৰৰ উপৰিও গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, সহকাৰী সম্পাদক জয়ন্ত খাওণ্ড, উপ সভাপতি সঞ্জীৱ হাজৰিকা, সাংগঠনিক সম্পাদক প্ৰফুল্ল বৰা, অমল দাৱ আৰু ৰিবুল বৰাৰ লগতে গ্রাছৰ সদস্য সকল উপস্থিত থাকে।
গ্ৰাছৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই অনুষ্ঠানৰ আঁত ধৰি গ্ৰাছৰ তৃতীয় বার্ষিক-২০২০ বৰ্ষৰ বঁটা সমূহ ঘােষণা কৰে। মহকুমাটোত বিভিন্ন উন্নয়নমূলক কামৰ লগতে সেউজীকৰণ, স্বচ্ছতা আৰু অন্যান্য সামাজিক কাম-কাজৰ লগত জড়িত একোজন ব্যক্তিক ‘গ্রাছ গ্রীণ এৱার্ড’ আৰু মহিলা সৱলীকৰণৰ ওপৰত কাম কৰি থকা একোগৰাকী মহিলাক প্ৰতি বছৰে ‘গ্রাছ ৱমেন এৱার্ড” প্রদান কৰি অহা হৈছে। এই বছৰৰ পৰা কৃষিকৰ্মৰ যােগেদি নিজৰ লগতে আনকো উৎসাহিত কৰিব পৰা ব্যক্তিক কমলেশ্বৰ বৰা সোঁৱৰণী গ্ৰাছ ফাৰ্মাৰ এৱাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে । গ্ৰাছৰ দ্বাৰা নিয়োজিত নিৰ্বাচনী সমিতিৰ জড়িয়তে প্ৰতিটো শিতানৰ বাবে যোগ্য ব্যক্তিৰ নাম ঘোষিত হৈছে।
বঁটা সমূহৰ ধনীল বৰঠাকুৰ সোঁৱৰণী ‘গ্ৰাছ গ্রীণ এৱার্ড’ লাভ কৰিছে কমাৰগাঁও পানীদিহিঙীয়াৰ প্ৰশান্ত বৰবৰাই। নুমলী হাজৰিকা সোঁৱৰণী ‘গ্রাছ ৱমেন এৱার্ড’ লাভ কৰিছে কাজিৰঙাৰ ৰূপ জ্যোতি শইকীয়া গগৈয়ে। আন হাতে প্রথমবাৰৰ বাৰে আগবঢ়োৱা “গ্ৰাছ ফার্মাৰ এৱাৰ্ড’ লাভ কৰিছে বাদুলীপাৰ কানফলাৰ ডিম্বেশ্বৰ গগৈয়ে। | সাম্প্রতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি বঁটা ঘোষণা অনুষ্ঠান অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়। বিগত বৰ্ষত গ্রাছে গছ পুলি ৰােৱা আৰু প্ৰতিপালনকে ধৰি সমগ্ৰ অঞ্চলটোত সেউজীকৰণ কৰাৰ প্রচেষ্টা অব্যাহত ৰাখি আহিছে। মূলতঃ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে জন্ম লোৱা গ্ৰাছে সম্প্ৰতি মানৱ সেৱাতো আত্মনিয়োগ হোৱা দেখা গৈছে।
শেহতীয়াভাৱে মহামাৰী কৰােনা ভাইৰাছৰ ৰােধৰ বাবে মহকমাটোৰ বিভিন্ন অঞ্চলত চেনিটাইজেচন কৰি এক সজগতা অনাৰ প্ৰয়াস কৰিছে। যােৱাটো বহাগ বিহুত এহেজাৰ পৰিয়ালক লক-ডাউনৰ সময়ত দৈ, চিৰা, মুড়ি, পিঠা, লাড়ু, গামােচাৰ এটিকৈ টোপােলা প্রদান কৰিছিল। কর্তব্যৰত বন শিবিৰত থকা একাংশ বনকর্মীকো এইসাহায্য প্রদান কৰা হয়। ইয়াৰ উপৰিও কাষৰীয়া ৰাইজক এই মহামাৰী ৰােগৰ বাবে আতংকিত নহ’বলৈ সজাগতামূলক কাৰ্যসূচী গ্রহণ কৰি আহিছে।
বোকাখাত মহকুমাৰ বিভিন্ন ভিতৰুৱা অঞ্চলত গ্ৰাছৰ সদস্য সকল তৎপৰ হৈ উঠিছে সাম্প্ৰতিক সময়ৰ কভিড বিৰোধী কাৰ্যসূচী হাতত লৈ। মহকুমাটোৰ গ্ৰাম্যাঞ্চললৈ বহিঃৰাজ্যৰ পৰা আহি স্কুল আদিত কোৱাৰেণ্টাইন হৈ থকা লোকৰ মাজত সজাগতা সৃষ্টি আৰু তেওঁবিলাকৰ মনোবল বৃদ্ধিত আন্তৰিকতাৰে হাত আগবঢ়াইছে গ্ৰাছে। তেনে কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহলৈ গৈ সামাজিক আৰু শাৰিৰীক দূৰত্ব মানি চলি তেওঁলোকৰ খা-খবৰ লোৱাৰ লগতে বাৰ্তালাপ আৰু মোবাইল ফোনেৰে বাণীবন্ধ সংগীত শুনাই মনোৰঞ্জন কৰি কোৱাৰেণ্টাইন হৈ থকা লোকসকলৰ মনোবল বৃদ্ধি আৰু মানসিক খোৰাক জগাই তোলাৰ লগতে খোৱা-বোৱাকে আদি কৰি তেওঁলোকৰ বিবিধ সুবিধা অসুবিধাৰ বুজ লৈছে গ্ৰাছে।
ইয়াৰোপৰি স্বেচ্ছাসেৱী সংগঠনটোৱে কোৱাৰেণ্টাইন কেন্দ্ৰৰ আশে পাশে থকা আবাসী অঞ্চললৈ গৈ আবাসী সকলক আতংকিত নহ’বলৈ সচেতন তথা সজাগ কৰে। কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহৰ প্ৰতিটো কোঠা চেনিটাইজ কৰা হৈছে সংগঠনটোৰ উদ্যোগত। গ্ৰাছৰ এনে উদ্যোগত কোৱাৰেণ্টাইন হৈ থকা লোক সকলে গ্ৰাছক এই কামৰ বাবে ধন্যবাদ জনাই সংগঠনটোৰ সদস্য সকলক উৎসাহিত কৰি তোলে।
কোৱাৰেণ্টাইন কেন্দ্ৰৰ লোক সকলে তেওঁলোকক দেখি স্থানীয় মানুহে ত্ৰাসিত হোৱাৰ সময়তে গ্ৰাছৰ সদস্য সকলে তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে প্ৰচেষ্টা লোৱা কাৰ্যৰ ভূয়সী প্ৰশংসা কৰে। স্থানীয় ৰাইজৰ মাজত কভিড-১৯ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লগতে গ্ৰাছে গ্ৰাম্যাঞ্চলৰ বহুকেইখন চিকিৎসালয় আৰু উপ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেইবালানিও চেনিটাইজেচন কাৰ্যসূচী সম্পন্ন কৰে।













