ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিশ্ব পৰিৱেশ দিৱস পালন।চান্দমাৰী অসম অভিযান্ত্ৰিক খেল-পথাৰত সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থা উদ্যোগত ৰোপন কৰা হয় গছ পুলি।বৃক্ষ ৰোপন কাৰ্যসূচীত উপস্থিত থাকে আছু কেন্দ্ৰীয় কাৰ্যনির্বাহক সদস্য তপন কলিতা, সীমান্ত ঠাকুৰীয়াকে ধৰি সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকল।
সামাজিক দূৰত্ব মানি পালন কৰা বৃক্ষ ৰোপন কাৰ্যসূচীত আছু সদস্য সকলে হাতে-হাতে প্লে- কাৰ্ড লৈ প্ৰকৃতি সুৰক্ষা বিভিন্ন বাণী ৰাইজলৈ প্ৰেৰণ কৰে।কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় কাৰ্যনিৰ্বাসক সদস্য সীমান্ত ঠাকুৰীয়াই কয় ” সমগ্ৰ গুৱাহাটীত বৃক্ষ ৰোপনৰ লক্ষ লৈছে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই।গ্ৰীণ গুৱাহাটীৰ পৰিকল্পনা কৰা হৈছে”।
ৰাজ্য সকলো বিদ্যালয়-মহাবিদ্যালয়ত ফল- মূলৰ বৃক্ষ ৰোপন কৰা চিন্তা কৰা বুলি জানিব দিয়ে ঠাকুৰীয়াই।লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজ ঘৰত একোজোপা বৃক্ষ ৰোপন কৰাৰো আহ্বান জনায়।













