ASSAM TIMES POST
নিউজ ডেক্স:
পত্নী গৰিমা শইকীয়া গাৰ্গ আহ্বান ভিডিঅ’ দিলিত কৰক অন্যথা আইনী যুজঁলৈ সাজু হওঁক !এটা অসমীয়া ফেচবুক পেজৰ বিৰুদ্ধে জুবিন গাৰ্গ আৰু পত্নীৰ গৰিমা শইকীয়া গাৰ্গৰ ভিডিঅ’ চুৰি অভিযোগ। “AssamessWorld” নামৰ বিশেষ ফেচবুক পেজটোৱে অনুমতি বিহীনভাৱে “it’s me” নামৰ ইউটিউব চেনেলৰ পৰা শিল্পী জুবিন গাৰ্গৰ এটা এক্সক্লোছিভ ইন্টাৰভিউ আৰু মুম্বাই পৰা গুৱাহাটীৰ বাছ যাত্ৰা এক্সক্লোচিভ শ্ব’ এটাৰ ভিডিঅ’ কিছু কিছু অংশ কাটি কাটি বিশেষ পেজখনে ফেচবুকত আপলোড কৰিছে।
এই কথা প্ৰকাশ কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে।সামাজিক মাধ্যমত বিষয়টো উল্লেখ কৰি গৰিমাই উল্লেখ কৰিছে এইদৰে “আৰু এটা অসমীয়া ফেচবুক পেজৰ কাণ্ড।কিছুমানে কেৱল চৌয বৃত্তি লৈয়ে জীৱনটো চলি যাম বুলি পৃথিৱীলৈ আহে নি বাৰু কিছুমান এনেকুৱা মানুহ বাবে সামাজিক মাধ্যমৰ পেজবোৰে সকলোৱে বিশ্বাস আৰু চাপৰ্ট হেৰুৱাইছে”।
গৰিমা শইকীয়া গাৰ্গে বিশেষ ফেচবুক পেজ খনক সোনকালে ভিডিঅ’ দিলিত কৰাৰো আহ্বান জনাইছে।অন্যথা আইনী যুঁজলৈ সাজু হওঁক- ফেচবুকত উল্লেখ কৰিছে।গুৰুত্বপূৰ্ণ কথা এই যে ভিডিঅ’ টোত “it’s me” এক্সক্লোছিভ ৱাটামার্ক সম্পূৰ্নকৈ পৰিস্ফুট হৈ থকা বুলি গৰিমাই কয়।













