ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
বোকাখাত আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ আঁত ধৰি বোকাখাতৰ ২ নং ৱাৰ্ডৰ পৰা ১৮ লক্ষাধিক টকাৰ উপৰিও বহু পৰিমানৰ গুটখা আৰু ধপাত জাতীয় সামগ্ৰী জব্দ কৰিছে। বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা, উপ পৰিদৰ্শক প্ৰসন্ন নাৰায়ণ শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মহকুমা অতিৰিক্ত দণ্ডাধীশ ৰণনময় ভৰদ্বাজৰ উপস্থিতিত অঞ্চলটোত অভিযান চলাই কদম কালোৱাৰ আৰু মনোজ জয়ছোৱালৰ ঘৰৰ পৰা অবৈধ ভাৱে মজুত কৰি ৰখা এই বৃহৎ পৰিমানৰ ধনৰাশীৰ লগতে গুটখা আৰু ধপাত জাতীয় সামগ্ৰী জব্দ কৰে।
আৰক্ষীয়ে কদম কালোৱাৰ আৰু মনোজ জয়ছোৱালক সোধপোচৰ বাবে থানাত আবদ্ধ কৰি ৰাখিছে। মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই জনোৱা মতে ইমান বৃহৎ পৰিমানৰ ধন ঘৰত জমা কৰি ৰাখিব নোৱাৰে। কি পৰিস্থিতিত এই ধন জমা কৰা হৈছিল, এই ধনৰ লগত অন্য কোনো ব্যক্তি জড়িত আছে নেকি সেয়া দণ্ডাধীশৰ এফ আই আৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন হোৱাৰ পাছত অনুসন্ধান কৰা হব। জব্দ কৰা গুটখা খিনিৰ সঠিক মূল্য এই পৰ্যন্ত নিৰ্ণয় কৰিব পৰা নাই বুলিও জানিবলৈ দিছে আৰক্ষীয়ে।
উল্লেখ যে উদ্ধাৰ হোৱা ধনৰাশী এটা ঘৰত আৰু গুটখা খিনি আন এটা ঘৰত মজুত আছিল। এটা ঘৰৰ বিভিন্ন কোঠাৰ বিভিন্ন ঠাইত টকা খিনি জমা কৰি থোৱা আছিল। সম্প্ৰতি কৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ নিষিদ্ধ কৰি থোৱাৰ পাছতো বৃহৎ পৰিমাণৰ গুটখা আৰু ধপাত জাতীয় দ্ৰব্য আৰু বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱাত বোকাখাতত চাঞ্চল্য সৃষ্টি হৈছে।













