ASSAM TIMES POST
ষ্টাফ ৰিপৰ্টাৰ :
কাৰবি আংলং জিলাৰ প্ৰখ্যাত নুনিছা পৰিয়ালৰ অন্যতম সদস্য নিৰ্মল নুনিছাৰ আজি সন্ধিয়া গুৱাহাটীৰ আমিনগাৱত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হয় ৷ পুত্ৰৰ লগত গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰবেগী এখন ট্ৰাকে খুন্দিওঁৱাৰ ফলত মৃত্যু হয় ৷
অৱশ্যে সৌভাগ্যক্ৰমে পুত্ৰৰ প্ৰাণ ৰক্ষা পৰে ৷ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰূপে কৰ্মৰত নুনিছাই ২০১৬ চনত চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈ বিজেপি দলত যোগদান কৰিছিল ৷ ২০১৯ চনত বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা নিৰ্মল নুনিছা এগৰাকী সৰৱৰাহী ব্যক্তি ৰূপে পৰিচিত আছিল ৷
মৃত্যুৰ সময়ত পত্নী ঐতিহাসিক কটন কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ঋতু থাউচেন , পুত্ৰ, কন্যা পৰিয়ালৰ অন্যান্য সদস্য সকলক এৰি গৈছে ৷ নিৰ্মল নুনিছাৰ মৃত্যুত ডিফুত শোকৰ পৰিবেশ বিৰাজ কৰিছে ৷













