ASSAM TIMES POST
ডিফু:বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত লবলগা সাৱধানতা আৰু সজাগতা সৃষ্টিৰ লক্ষ্যৰে সমগ্ৰ বিশ্বৰ লগতে পাহাৰীয়া জিলা কাৰবি আংলঙৰ বিভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ৷ সেই একে উদ্দেশ্য আগত ৰাখি কাৰবি আংলং জিলা উপায়ুক্ত কাৰ্যালয়তো বিশ্ব পৰিবেশ দিৱসটি পালন কৰা হয় ৷


জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই উপায়ুক্ত কাৰ্যালয় চৌহদত এজোপা গছপুলি ৰুই বিশ্ব পৰিবেশ দিৱস পালন কৰে ৷ আনহাতে ৰাইজৰ মাজত কভিড-১৯ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ বাবে কাৰ্যালয়ত এক বিশেষ পদক্ষেপ গ্ৰহন কৰে ৷ বৃক্ষৰোপন কাৰ্যসূচীত উপায়ুক্ত গৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত পাৰ্থ জহৰীও অংশ গ্ৰহণ কৰে ৷













