ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্য ভিতৰতে প্ৰথম স্থানত উজ্বলিত দৰং জিলাৰ ধৃতিৰাজ বাস্তৱ কলিতা।পদুম পুখুৰী হাইস্কুলৰ পৰা অৱৰ্তীন হৈছিল ছাত্ৰজন।মুঠ নম্বৰ লাভ কৰিছে ৫৯৫।দৰং জিলাৰ বানেইকুছি গাঁৱৰ নৱ কুমাৰ কলিতা আৰু তুলুমনি কলিতাৰ সন্তান ধৃতিৰাজৰ সাফল্যত এতিয়া জিলাখনৰ লোকসকলে গৌৰৱ অনুভৱ কৰিছে।

উল্লেখযোগ্য যে,খেলি, গান গাই, বাহিৰা কিতাপ পঢ়ি ভাল পাই ধৃতিৰাজে।ভাল গীত গায় ধৃতিৰাজে। ইতিমধ্যে ধৃতিৰাজে বি মিউজ সম্পূৰ্ণ কৰিছে।উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি মেডিকেল লাইনত যোৱাৰ ইচ্ছা আছে ধৃতিৰাজৰ ।













