ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইতিহাস প্ৰসিদ্ধ শিৱসাগৰলৈ গৌৰৱ কঢ়িয়ালে তিনি মেধাৱীৱে।শীর্ষ ১০ত উজ্বলিল জিলাখনৰ তিনিজনকৈ শিক্ষাৰ্থী।ষষ্ঠ স্থানত জিলিকিল শিৱসাগৰ ফুলেশ্বৰী ছোৱালী হাইস্কুলৰ হিমাশ্ৰী বৰুৱা।মুঠ নম্বৰ লাভ কৰিছে ৫৮৮।অসমীয়াত ৯৩, ইংৰাজী ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৯, ঐচ্ছিক বিষয় ভূগোলত ৯৭ নম্বৰ লাভ কৰিছে।
অষ্টম স্থানত জিলাখনৰ নামতী চাৰিআলি জাতীয় বিদ্যা নিকেটনৰ ছাত্ৰ অন্তৰীক্স হাজৰিকা।মুঠ নম্বৰ লাভ কৰিছে ৫৮৬।অসমীয়া ৯৪, ইংৰাজী ৯৯, সাধাৰন গণিত ১০০, সাধাৰণ বিজ্ঞান ১০০, সমাজ বিজ্ঞান ৯৩ আৰু ঐচ্ছিক গণিত ১০০নম্বৰ লাভ কৰিছে।
ইয়াৰ উপৰিও নৱম স্থানত আছে জিলাখনৰ মৰাণ চেণ্ট জোচেফ হাইস্কুলৰ অভিনৱ গগৈ।মুঠ নম্বৰ লাভ কৰিছে ৫৮৫।অসমীয়া ৯০, ইংৰাজী ৯৮, সাধাৰণ গণিত ১০০, সাধৰণ বিজ্ঞান ৯৪, সমাজ বিজ্ঞান ৯৭ আৰু ঐচ্ছিক গণিত ১০০।গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্য ভিতৰত সৰ্বাধিক উত্তীণ জিলা হৈছে ৪৩.৯২% শিৱসাগৰ জিলা।জিলাখনত মুঠ অৱৰ্তীন হৈছিল ১১০২৩ জন।উত্তীণ হৈছে ৯২৫১ জন।













