ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত শীর্ষস্থান প্ৰাপ্ত দৰংৰ ধৃতিৰাজ বাস্তৱ কলিতাক অভিনন্দন জনালে ৰাজ্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।মুঠ ৬০০নম্বৰ ভিতৰত ৫৯৫ নম্বৰে ৰাজ্যত শীর্ষ স্থানত উজ্বলি উঠা মেধাৱী ছাত্ৰ গৰাকীক শুভেচ্ছা জনাই শিক্ষামন্ত্ৰী গৰাকীয়ে কয় “আলোকময় এই যাত্ৰা অব্যাহত থাকক।
জীৱনত আৰু বহুদূৰ বাট যাবলৈ আছে তোমাৰ।সদায়েই নিস্তা আৰু পৰিশ্ৰমৰ ওপৰত ভৰসা কৰিবা”।উল্লেখ যে দৰং পদুম পুখুৰী হাইস্কুলৰ পৰা উত্তীণ হোৱা ছাত্ৰজন অধ্যয়ন কৰিছিল বঢ়মপুৰ জাতীয় বিদ্যালয় দৰং।দৰং জিলা বানেকুছি গাওঁৰ নৱকুমাৰ কলিতা আৰু টুলুমনি কলিতা সন্তান ধৃতিৰাজ।
অসমীয়াত লাভ কৰিছে ৯৮, ইংৰাজীত ৯৯, সাধাৰণ গণিতত ১০০,সমাজ বিজ্ঞানত ৯৮, সাধাৰণ বিজ্ঞান ১০০,ঐচ্ছিত গণিতত ১০০ নম্বৰ লাভ কৰিছে।উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰি চিকিৎসা বিজ্ঞানৰ বিষয়ত পঢ়া মন ছাত্ৰ গৰাকীৰ।













