ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত পুনৰ ৩৮গৰাকী সুস্থ হৈও উঠিছে ক’ৰোণাত আক্ৰান্ত হোৱা ৰোগী ৷ পুণৰ ৩৮গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷তেওঁলোকক দুবাৰকৈ পৰীক্ষণৰ পিছত ফলাফল ঋণাত্মক পোৱা গৈছে ৷টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সুস্থ হোৱা লোকসকলৰ ২৩ গৰাকী কালাপাহাৰস্থিত চিকিৎসালয়ত, ১০ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত, ৩ গৰাকী শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আৰু ২ গৰাকী ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ বৰ্তমান ১৭৭০গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৫৪৭ জন।













