ASSAM TIMES POST
নগাঁও জিলাৰ এখন অনাথ আশ্ৰমৰ ভৰত বড়ো নামৰ এগৰাকী মেধাৱী ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত ৬৩.১৬%নম্বৰসহ উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে। অনাথ ভৰত বড়োক সুৰক্ষা প্ৰদানৰ বাবে ২০১২ চনত নগাঁও চাইল্ডলাইনৰ সহযোগত তুলি লোৱা হৈছিল।
জিলা শিশু সুৰক্ষা সমিতিৰ নিৰ্দেশ মৰ্মে বড়োক নগাঁৱৰ ৰাঙলুত থকা গ্ৰাম বিকাশ পৰিষদৰ অন্তৰ্গত বাটাৰফ্লাই চিল্ড্ৰেন হ’ম (আশ্ৰম)লৈ বিদ্যালয়ৰ শিক্ষালাভৰ বাবে প্ৰেৰণ কৰা হৈছিল।অনাথ ভৰত বড়োৰ আজিৰ ফলাফলে তেওঁক যে আশ্ৰমখনে এটা নতুন জীৱন প্ৰদান কৰিছে,সেই কথা প্ৰমাণ কৰিলে।













