ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যৰ ১৭খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰদৰ্শন কৰা উত্তীৰ্ণৰ ০ শতাংশ ফলাফলৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি দেওবাৰে প্ৰকাশ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্বতে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি শিক্ষামন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে৷
আনহাতে, উক্ত বিদ্যালয় কেইখনত কৰ্মৰত শিক্ষকসকলক ৭২ ঘণ্টাৰ ভিতৰত অন্য জিলাৰ বিদ্যালয়লৈ বদলি কৰা হ’ব বুলিও তেওঁ লগতে প্ৰকাশ কৰে৷ কেইখনমান উন্নত মানৰ বিদ্যালয়লৈ তেওঁলোকক বদলি কৰা হ’ব যাতে ভৱিষ্যতে তেওঁলোকে ভাল ফল দেখুৱাব পাৰে৷ ইয়াৰ উপৰি উক্ত বিদ্যালয় কেইখনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক নিকটৱৰ্তী অন্য বিদ্যালয়লৈ স্তানান্তৰ কৰা হ’ব বুলিও শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰে৷
শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে যে এইবাৰ ১০৯খন চৰকাৰী বিদ্যালয়ে ১০০ শতাংশ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে ২০১৯ বৰ্ষত ৫৪খন বিদ্যালয়ে ১০০ শতাংশ ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল৷
সমান্তৰালভাৱে ৯০ৰ পৰা ১০০ শতাংশৰ ভিতৰত উত্তীৰ্ণ ফলাফল দেখুওৱা বিদ্যালয়ৰ সংখ্যা বিগত বৰ্ষৰ ৩৮৬খনৰ বিপৰীতে এইবাৰ ৫০৩খনলৈ বৃদ্ধি পাইছে৷ইয়াৰ উপৰি কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত অভিভাৱকসকলে সন্মুখীন হোৱা অৰ্থনৈতিক অসুবিধাৰ বাবে চলিত বৰ্ষৰ চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ সকলো নামভৰ্তি বিনামূলীয়া কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷
এই নিয়ম সকলো শ্ৰেণীৰ অৰ্থনৈতিক ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব৷ পূৰ্বতে বছৰি ২ লাখৰ তলৰ উপাৰ্জনক্ষম অভিভাৱকৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতহে এই নিয়ম প্ৰযোজ্য আছিল৷আন এক ঐতিহাসিক সিদ্ধান্তৰ কথা ঘোষণা কৰি শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰে পৰা সকলো ধৰণৰ শিক্ষা প্ৰতিষ্ঠানত দশম শ্ৰেণীলৈকে অসমীয়া বিষয়টো বাধ্যতামূলক হ’ব৷
অসম চৰকাৰে অসমৰ প্ৰতিখন বিদ্যালয়ত অসমীয়া বিষয় শিকোৱাটো বাধ্যতামূলক কৰিছে৷ ইয়াৰ বাবে চৰকাৰে শীঘ্ৰে এক বিধেয়ক গৃহীত কৰিব বুলিও শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰে৷ তেওঁ লগতে প্ৰকাশ কৰে যে বিটিএডিত বড়ো আৰু বৰাক উপত্যকাত বাংলা ভাষা বাধ্যতামূলক হৈ থাকিব৷
আনহাতে, ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত দুয়োখন পাৰ্বত্য জিলাত অসমীয়া ভাষা বাধ্যতামূলক নহ’ব বুলিও লগতে তেওঁ উল্লেখ কৰে৷আন এক সিদ্ধান্ত অনুযায়ী ৰাজ্যিক কেবিনেটত অসমীয়া ভাষাক স্থায়ীভাৱে ৰাজ্যৰ ৰাজ্যভাষা হিচাপে স্বীকৃতি প্ৰদানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ’ব বুলিও প্ৰকাশ কৰে ৰাজ্যখনৰ শিক্ষা, স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷













