ASSAM TIMES POST
নগাঁও: মধ্য অসমৰ আয়ুক্ত মলয় বৰা আজি নগাঁৱত উপস্থিত হৈ জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজৰ লগতে কৰ’না ভাইৰাছ সংক্ৰমণক লৈ সৃষ্টি হোৱা অচলাৱস্থা সন্দৰ্ভত বুজ লয়। মধ্য অসমৰ আয়ুক্ত গৰাকীয়ে আজি জিলা উপায়ুক্ত কাৰ্য্যালয় সভাকক্ষত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া সকলৰ লগত এখনি বৈঠকত মিলিত হয়।

উক্ত বৈঠকত আয়ুক্ত গৰাকীয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু লক-ডাউনৰ ফলত স্হবিৰ হৈ পৰা বিভিন্ন উন্নয়নমূলক কাম- কাজ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক নিৰ্দেশ দিয়ে । আনহাতে লকডাউনৰ সময়ছোৱাত বহিঃ ৰাজ্যৰ পৰা নিজ নিজ গৃহলৈ উভতি অহা যুৱক -যুৱতীসকলক বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে কৰ্ম সংস্হাপণৰ সুবিধা কৰি দিবৰ বাবে কৃষি, পশুপালন, মীন, উদ্যোগ, বাণিজ্য আৰু নিয়োগ বিভাগৰ বিষয়া সকলক মিলিত প্ৰচেষ্টাৰে পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ দিয়ে।
উক্ত বৈঠকত জিলা উপায়ুক্ত যাদৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, হেমন্ত ভূঞা উপস্থিত থাকে। ইয়াৰ পাছতে আয়ুক্ত গৰাকীয়ে কৃষ্ণাই খাটত বহুমুখী যুৱক গোটে স্থাপন কৰা এখন কৃষি পাম পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে । পামখন প্ৰতিষ্ঠা কৰা উদ্যোগী যুৱকসকলক বিভাগীয় সকলো ধৰণৰ সহায়- সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে আয়ুক্ত গৰাকীয়ে । পৰিদৰ্শনৰ সময়ত আয়ুক্ত গৰাকীৰ লগত জিলা উপায়ুক্ত যাদৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ দলে, জিলা জনসংযোগ বিষয়া সমৰ কলিতাকে প্ৰমুখ্য কৰি কৃষি বিভাগৰ বিষয়া সকল উপস্থিত থাকে।













