ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ, বোকাখাত:
আজি বোকাখাতৰ কুৰুৱাবাহী তিনিআলিৰ নিধি গুপ্তা নামৰ ছাত্রী গৰাকীৰ দেহত ধৰা পৰিছে কভিড- ১৯ পজিটিভ। কলকাতাত অধ্যয়ন কৰি থকা ছাত্রী গৰাকী অসমলৈ ঘূৰি আহি কঁহৰাৰ কোৱেৰেন্টিন চেন্টাৰত আছিল। ২ জুনত চৰকাৰী কোৱেৰেন্টিনৰ পৰা ঘৰলৈ পথোৱা হৈছিল।
হ’ম কোৱেৰেন্টিনত থকা অৱস্থাত আজি ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰে ভাইৰাছবিধ। বৰ্তমান ছাত্রী গৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু কভিড পজিটিভ ছাত্ৰীগৰাকীৰ বাসগৃহৰ লগতে নিকতবৰ্তী কেইটামান আবাসক লৈ অঞ্চলটোৰ একাংশ সম্প্ৰতি প্ৰশাসনে চীল কৰি দিছে বুলি বোকাখাত মহকুমাৰ কভিড-১৯ ৰ দায়িত্বত থকা চিকিৎসা বিষয়া ডাঃ সমীপ জ্যোতি বৰাৰ পৰা জানিব পৰা গৈছে।
পিতৃ অজয় গুপা,মাতৃ, ভাতৃ সহ ৪জনক কঁহৰাৰ অৰণ্য লজৰ কোৱেৰেন্টিন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে দেওবাৰে বোকাখাতত ধৰা পৰিছিল ১০ জনৰ দেহত কভিড- ১৯ পজিটিভ। মহকুমাটোত সিঁচৰিত হৈ থকা বিভিন্ন কোৱেৰেন্টিন কেন্দ্ৰৰ আবাসী সকলৰ পৰা নমুনা সংগ্রহ কৰি পথোৱা এই সকলৰ দেহত পোৱাগৈছে কভিড- ১৯ ৰ উপস্থিতি।
এই সকলক গোলাঘাটৰ কভিড হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। ইতিপূর্বে দুগৰাকী জামাতী, কোৱেৰেন্টিনত থকা একেদিনাই ৩২ জন, ৩ দিন পূৰ্বে আন ৬ জন, দেওবাৰে ১০ আৰু আজি কুৰুৱাবাহীৰ কলকাতা ফেৰৎ ছাত্ৰীগৰাকীৰ দেহত কভিড- ১৯ ৰ উপস্থিতি ধৰা পৰে। ইফালে বৰ্তমান প্ৰায় ৯০ গৰাকী লোক কোৱেৰেন্টিনত আছে আৰু ভালেকেইগৰাকী কোৱাৰেণ্টাইন হৈ থকা লোকৰ নমুনা পৰীক্ষাৰ ফলাফল আহিবলৈ বাকী আছে।













