ASSAM TIMES POST
প্ৰতিবেদক, মংগলদৈঃ
শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰ্থিক অনাটনৰ প্ৰাচীৰ নেওচি পাঁচটা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হোৱা ছিপাঝাৰৰ পাথৰিঘাটৰ কৃতী ছাত্ৰী ৰেচমিন আৰা বেগমৰ ঘৰত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে জনপ্ৰিয় যুৱনেতা তথা উদীয়মান ব্যৱসায়ী ডঃ আখতাৰুল ইছলাম হাজৰিকাই।
উল্লেখ্য যে, পাথৰিঘাটৰ আঠকুৰীয়া নিৱাসী খাতিমুদ্দিন আহমেদ আৰু ৰমজিদা বেগমৰ সুযোগ্য কন্যা ৰেচমিন আৰা বেগমে আৰ্থিক অনাটনৰ বাবে যথেষ্ট কষ্ট লাভ কৰিও নিজৰ অধ্যয়ন অব্যাহত ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ক্ৰমে অসমীয়া, ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু আৰৱী বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হয়।
ইফালে বিজ্ঞান শাখাত পঢ়াৰ প্ৰবল ইচ্ছা থকাৰ পিছতো আৰ্থিকভাৱে স্বচ্ছল নোহোৱাৰ বাবেই কিছু থমকি ৰোৱা ৰেচমিন আৰা বেগমৰ ঘৰত উপস্থিত হৈ ড° আখতাৰুলে এটি জাপি আৰু এখন ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে পাঁচ হাজাৰ টকাৰ এককালীন সাহায্যও আগবঢ়ায়।
সততে সামাজিক কৰ্মৰে জনপ্ৰিয় হৈ পৰা ড° আখতাৰুল ভৱিষ্যতে ৰেচিমন আৰাৰ শৈক্ষিক যাত্ৰাৰ সহযাত্ৰী হিচাপে থকাৰ আশ্বাস প্ৰদান কৰাৰ লগতে সক্ষম সমাজক পৰিয়ালটোৰ কাষত থিয় হৈ সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনায়। প্ৰণিধান যোগ্য যে, এই অভিনন্দন কাৰ্যসূচীত অংশগ্ৰহণ কৰে অঞ্চলটোৰ সচতেন যুৱক ক্ৰমে মতিউৰ ৰহমান, ৰেজাউল হক, ৰিপু হাজৰিকা আৰু জুলুমনি হাজৰিকা।













