ASSAM TIMES POST
নিউজ ডেস্কঃ
ৰাজ্যত নতুনকৈ ৩৩ গৰাকী আক্ৰান্ত হৈছে ক’ৰ’ণা ভাইৰাছত। ইয়াৰে ১৭ জন তিনিচুকীয়াৰ, ৪ গৰাকী যোৰহাটৰ, ৩ গৰাকী বৰপেটাৰ, ২ জন ছিৰাঙৰ, ২ গৰাকী কাৰ্বি আংলঙৰ, ২ গৰাকী নগাওঁৰ, ১ গৰাকী বাক্সাৰ, ১ গৰাকী গোলাঘাটৰ আৰু ১ গৰাকী মাজুলীৰ।টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।বৰ্তমান ৰাজ্যত ২০৭৬ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ৭৮৪ জন।













