ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
বিশ্বত্ৰাস কৰ’না ভাইৰাচৰ বাবে ঘোষিত লকডাউনে জুৰুলা কৰা শুৱালকুছিৰ শিপিনীলৈ সাহায্যৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ অসম চৰকাৰলৈ ৷হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ সঞ্চালক কবিতা ডেকাৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তলৈ প্ৰদান কৰিছে বিশেষ দাবী পত্ৰ৷
উত্তৰ পূৰ্বৰ মানচেষ্টাৰ তথা সোণালী সূতাৰ গাঁও হিচাপে খ্যাত শুৱালকুছিৰ উপৰিও হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বংশৰ, হালোগাও, বামুন্দী, সোৱনচাহ, ৰামদিয়া, বঙালপাৰা, বৰচলি, টোক্ৰাদিয়া, হাৰদিয়া আদি অঞ্চলৰ লগতে কামৰূপ জিলাৰ বিভিন্ন গাঁওৰ কাপোৰৰ সৈতে জড়িত শিপিনী সকলক আৰ্থিক সাহায্য প্ৰদানৰ দাৱী জনাই আছুৱে ৷
তেওঁলোকৰ দাবী সমূহ হৈছে-
লকডাউনে জুৰুলা কৰা উত্তৰ পূৰ্বৰ গৌৰৱ শুৱালকুছিৰ বস্ত্ৰ শিল্পক পুনৰ উজ্জীৱিত কৰাৰ বাবে ১০০কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিব লাগে।
ৰাজ্য চৰকাৰে বিভাগীয় ভাবে কামৰূপ জিলাৰ শিপিনীয়ে উৎপাদন কৰা কাপোৰ উচিত মূল্যত ক্ৰয় কৰিব লাগে ৷
শিপিনী সকলক ৫০ শতাংশ ৰাজসাহাজ্য যুক্ত ঋণ প্ৰদান কৰিব লাগে ৷
শুৱালকুছিক হেণ্ডলোম ক্লাষ্টাৰ হিচাপে ঘোষনা কৰিব লাগে ৷
শিপিনী সকলৰ প্ৰয়োজনীয় কেছা মাল সুলভ মূল্যত যোগান ধৰিব লাগে।
এই কথা অৱগত কৰে সদৌ অসম ছাত্ৰ সন্থা সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাসে ৷ইফালে আছু স্মাৰক পত্ৰ গ্ৰহণ কৰি হস্ততাত বস্ত্ৰশিল্প বিভাগৰ সঞ্চালক দাসে শীঘ্ৰে শিপিনী সকলৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতো বিভাগৰ মন্ত্ৰীক অৱগত কৰাৰো আশ্বাস প্ৰদান কৰে গুৱাহাটী আমবাৰী হস্ততাত বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদানৰ সময়ত উপস্থিত থাকে কামৰূপ জিলা আছু সভাপতি দিবাকৰ কলিতা আৰু সাধৰন সম্পাদক হেমন্ত দাস ৷













