ASSAM TIMES POST
পশ্চিম কৰ্বিআংলং:পশ্চিম কাৰ্বি আংলং জিলা ভ্ৰমণ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । ডিমা হাছাও জিলাৰ পৰা পশ্চিম কাৰ্বি আংলঙত উপস্থিত হৈ প্ৰথমতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে খেৰণি মডেল হাস্পতাল পৰিদৰ্শন কৰে । স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে খেৰণি মডেল হাস্পতালক কভিড ৰোগীৰ চিকিৎসা কৰিবলৈ দুই এদিনত সাজু কৰাৰ বাবে ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে ।
ইয়াৰ লগতে ডিফু মেডিকেল কলেজখনত swab পৰীক্ষা কৰিবলৈ ইতিমধ্যে ICMR এ অনুমোদন দিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত পশ্চিম কাৰ্বি আংলং আৰু পূৱ কাৰ্বি আংলঙৰ কুৱাৰেন্টীনত থকা লোকসকলৰ swab পৰীক্ষা ক্ষীপ্ৰতাৰে কৰিবলৈ সম্ভৱ হৈ উঠিব।
ইফালে ষষ্ঠ অনুসূচীৰ অধীনত থকা কাৰ্বি আংলঙত অসমীয়া বিষয়টো বাধ্যতামূলক নহয় বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে । পিছত হামৰেণত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী । হামৰেণৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, মেডিকেলৰ বিভিন্ন বিষয়া, চিকিৎসকৰ লগতে বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এক বৈঠকত মিলিত হয় ।













