ASSAM TIMES POST
নগাঁও: কোভিড-১৯ ত আক্ৰান্ত এজন ৰোগীয়ে কালি নিশা ১০৮ এম্বুলেন্সৰ পৰা পলায়ন কৰা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীয়ে নিশাই কোভিড আক্ৰান্ত লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে তেলেংগানাৰ পৰা অহা ৰাঙলু কচুপিতৰ আবেদুৰ ৰহমান নামৰ লোকজনক প্ৰথম অৱস্থাত ননৈ হাইস্কুলত এসপ্তাহৰ বাবে কোৱাৰেন্টীন কৰি ৰখা হয়।
কোৱাৰেন্টীনত থকা অৱস্হাত তেওঁৰ ‘স্বোৱাব’ৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । ইপিনে এসপ্তাহ প্ৰতিষ্ঠানিক কোৱাৰেনন্টীনত থকাৰ পাচত কালি আবেদুৰক নিজ গৃহলৈ যাবলৈ দি স্বাস্থ্য বিভাগে হোম কোৱাৰেন্টীনত থকাৰ নিৰ্দ্দেশ দিয়ে । ইপিনে আবেদুৰ কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পায়। সেয়ে কালি নিশা স্বাস্থ্য বিভাগে আবেদুৰক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে নিজ গৃহৰ পৰা কন্দলী আদৰ্শ চিকিৎসালয়লৈ অনাৰ ব্যৱস্থা কৰে।
ইপিনে এম্বুলেন্সত চিকিৎসালয়লৈ অহা আবেদুৰে চিকিৎসালয়খনৰ প্ৰৱেশদ্বাৰৰ সমীপত এম্বুলেন্সৰ নামি পলায়ন কৰে । কোভিড আক্ৰান্ত ৰোগীজনে এনেদৰে পলায়ন কৰাত স্বাস্থ্য বিভাগ আৰু আৰক্ষী বিভাগৰ লোকৰ মাজত হাহাকাৰ লাগে ।নিশাই পলাতক ৰোগীজনৰ সন্ধানত আৰক্ষী নামি পৰে। পাচত অৱশ্যে ৰাঙলুৰ সমীপত পথাৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে আবেদুৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
আনহাতে নিশাই আৰক্ষীয়ে আবেদুৰক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় চৌহদৰ কোভিড হস্পিতালত ভৰ্তি কৰায়। জানিব পৰা মতে গুৱাহাটীত চিকিৎসাধীন হৈ থকা দুৰ্ঘটনাগ্ৰস্ত পুত্ৰৰ চিন্তাতে আবেদুৰে এনেদৰে পলায়নৰ চেষ্টা চলায় ।













