ASSAM TIMES POST
নিউজ ডেস্ক:
বাঘজানত এতিয়া ভয়ংকৰ পৰিস্থিতি। চৌদিশে কেৱল জুই আৰু ধোঁৱা। বাঘজান তৈল খাদৰ পৰা জুয়ে ক্ৰমাৎ নিজৰ কবললৈ আনিছে এটাৰ পিছত আন এটা নিকটৱৰ্তী অঞ্চল। জুইত জাহ গৈছে এটাৰ পিছত আনটো বাসগৃহ। নিজৰ গ্ৰাসলৈ নিছে ওচৰৰ গাঁও।
ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যও এতিয়া বিপদমুক্ত নহয়। জুইৰ লেলিহান শিখাই নিজৰ আয়ত্তলৈ নিছে মানুহৰ আবাসস্থলী, খেতি পথাৰ, হাবি-বননি, জীৱ-জন্তু। মুঠতে এতিয়া চৌদিশে হাহাকাৰ অৱস্থা।ইফালে বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অইল কৰ্তৃপক্ষই। ঘটনাক লৈ শংকিত অইল কৰ্তৃপক্ষই কযে, “আমি বহু চেষ্টা কৰিছিলো গেছ নিয়ন্ত্ৰণ কৰিবলৈ। খাদটোৰ ভিতৰত পৰ্যাপ্ত পানী মজুত কৰি থোৱা আছিল।
কিন্তু কেনেকৈ জুই লাগিল আমি তদন্ত কৰিব লাগিব। জুই লাগিলেও চিন্তাৰ কাৰণ নাই, আমাৰ বিশেষজ্ঞই জনাইছে তেওঁলোকৰ হাতত মজুত থকা সঁজুলিৰে জুই নিয়ন্ত্ৰণ কৰিব পৰা যাব। অহা দুদিনমানৰ ভিতৰত জুই নিয়ন্ত্ৰণ কৰিব পৰা যাব।”কিন্তু অইল কৰ্তৃপক্ষৰ এই আশ্বাসত পতিয়ন যোৱা নাই অঞ্চলবাসী। কিন্তু ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰি আগবাঢ়ি আহিছে জুই।ইতিমধ্যে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে বৃহৎ অঞ্চল।
ডিব্ৰু-চৈখোৱাৰ প্ৰতিঅগ্নিকাণ্ডই আনিছে তীব্ৰ ভাবুকি। প্ৰাপ্ত খবৰ অনুসৰি, খাদটোৰ কাষত থকা কেইবাটাও ঘৰ জাহ গৈছে জুইত। দ্ৰুতগতিত সম্প্ৰসাৰণ হৈ আছে এই জুই।ইফালে এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এক টেলিফণিক বাৰ্তালাপত মিলিত হয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে। পৰিস্থিতি মোকাবিলাৰ বাবে সকলো ধৰণৰ সহায় বিচাৰে কেন্দ্ৰৰ পৰা। পেট্ৰলিয়াম মন্ত্ৰীগৰাকীয়ে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে।
আনহাতে, জিলা প্ৰশাসনক সকলো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ লগতে জুই নিৰ্বাপনৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।আনহাতে, অঞ্চলবাসীক আতংকিত নহ’বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সোণোৱালে। লগতে ৰাইজৰ লগত থাকি সকলো ধৰণৰ সহযোগিতাৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।













