ASSAM TIMES POST
ডিফু: নৱগঠিত পশ্চিম কাৰবি আংলং জিলা প্ৰশাসনৰ পদ সৃষ্টি সন্দৰ্ভত আজি এক পৰ্যালোচনা বৈঠক অনুষ্ঠত হৈ যায় ৷ এই সন্দৰ্ভত অসম চৰকাৰৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰস্তাব দাখিল কৰাৰ পিছত অসম চৰকাৰে অনুমোদন জনাই থৈছে বুলি জানিব পৰা গৈছে আৰু এইলৈ বৈঠকত আলোচনা হয় ৷
আজিৰ পৰ্যালোচনা বৈঠকত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ওপৰি সাংসদ হৰেণছিং বে’, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, ইএম, এমএচি আৰু বিভাগটোৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ৷













