ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
চতিয়াত আৰক্ষীয়ে দুটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে৷ প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা ৭.৩০ বজাত এএছ ০৭ এম ৮৯২২ নম্বৰৰ আই২০ গাড়ীখনৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী দুটাক কৰায়ত্ত কৰা লগতে ড্ৰাগছখিনি উদ্ধাৰ কৰে৷

আৰক্ষীয়ে কৰায়ত্ত কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ ভিতৰত এটা লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত হাৰমতিৰ ২ নং পৰ্বতপুৰ গাঁৱৰ ৰছাময় বিশ্বাসৰ পুত্ৰ জিতেন বিশ্বাস (৩২) আৰু আনটো লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত দুৰ্গা মন্দিৰৰ সমীপৰ শিবু ভট্টাচাৰ্যৰ পুত্ৰ সঞ্জয় ভট্টাচাৰ্য (২২)৷ ড্ৰাগছ সৰবৰাহকাৰী দুটা নগাঁৱৰ পৰা লখিমপুৰলৈ গৈ আছিল৷
উল্লেখ্য যে এই ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা দুটা ছিৰিঞ্জ, দুটা সৰু পাত্ৰ উদ্ধাৰ কৰে৷ এই পাত্ৰ দুটাৰ এটা খালি আৰু আনটোত আধা সন্দেহজনক হিৰইন আছিল৷ ইয়াৰ পাছতে গাড়ীখনৰ সন্মুখৰ বাওঁফালৰ দৰ্জাখনৰ ফ্ৰেমৰ ভিতৰত ৰঙা, নীলা আৰু সেউজীয়া ৰঙৰ ১৫টা প্লাষ্টিকৰ বাকচ উদ্ধাৰ কৰে৷
এই বাকচবোৰৰ ভিতৰত সন্দেহজনক হিৰইন পোৱা যায়৷ এই বাকচবোৰৰ ভিতৰত থকা হিৰইনখিনিৰ ওজন ১৮০ গ্ৰাম আৰু বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে জিতেন বিশ্বাস হ’ল এক পাৰ্গত ড্ৰাগছ সৰবৰাহকাৰী৷ বিশ্বাসক ২০১৫ চনত ছিপাঝাৰ আৰক্ষীয়ে ৮০০০টা ইনটক্সিকাটিং টেবলেট কঢ়িয়াই নিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল৷
তদুপৰি এটা ৯ এমএম পিষ্টল আৰু ৮৫ গ্ৰাম হিৰইনসহ বিশ্বাসক অৰুণাচল প্ৰদেশৰ নাহৰলগনত আন চাৰি অভিযুক্তৰ লগত গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীৰ জেৰাত বিশ্বাসে কয় যে জব্দ কৰা ড্ৰাগছখিনি কলিয়াবৰ এলেকাৰ পৰা সাত লাখ টকাত ক্ৰয় কৰিছিল৷ আনটো অভিযুক্ত কাৰাগাৰত আছিল আৰু শেহতীয়াকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈ ঘৰলৈ গৈছিল৷













