ASSAM TIMES POST
হুৰাহুৰে ক’ভিড- ১৯ ত আক্ৰান্ত হৈছে জনসাধাৰণ। পুনৰ ৩৪ গৰাকী নতুনকৈ আক্ৰান্ত হৈছে ৰাজ্যত। ইয়াৰে ১৫ গৰাকী নগাওঁ, ৬ গৰাকী গোলাঘাট, ৩ গৰাকী বৰপেটাৰ, ৩ গৰাকী বাক্সাৰ, ৩ গৰাকী শোণিতপুৰৰ, ১ গৰাকী ছিৰাঙৰ, ১ গৰাকী পশ্চিম কাৰ্বি আংলঙৰ, ১ গৰাকী ডিব্ৰুগড়ৰ আৰু ১ গৰাকী লখিমপুৰৰ।
টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৩৩১৯ জন। ৰাজ্যত বৰ্তমান ২০৬১গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১২৪৯ জন।













