ASSAM TIMES POST
নগাঁও: ড্ৰাগছৰ নিষিদ্ধ ব্যৱসায়ৰ লগত জড়িত কুখ্যাত ড্ৰাগছ মাফিয়া ৰিবুল খান আৰু জাকিৰ হুছেইন অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল । নগাঁও আৰক্ষীয়ে যোৱা নিশা নগাঁও চহৰৰ চাৰিখুটি অঞ্চলত অভিযান চলাই ড্ৰাগছ মাফিয়া ৰিবুল আৰু জাকিৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা মতে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ১০/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত এই দুই ড্ৰাগছ মাফিয়া দুটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ,এই দুই ড্ৰাগছ মাফিয়াই বিক্ৰীৰ বাবে লুকুৱাই থোৱা বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য বিগত মাহত নগাঁও আৰক্ষীয়ে জব্দ কৰিছিল যদিও পলাই সাৰিছিল ড্ৰাগছ মাফিয়া দুটা।













