ASSAM TIMES POST
নগাওঁ: সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনে প্ৰকাশ কৰা প্ৰশ্নোত্তৰধৰ্মী কৰ’না তথা কোভিড -১৯ বিষয়ক এখনি পুস্তিকা আজি উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই ।
লকডাউনৰ সময়তে “ডায়েৰী কে পন্নু পৰ লকডাউন / কৰ’না কা কহৰ” শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা পাছত পৱন ভানু ওৰফে পৱন শৰ্মাই প্ৰস্তুত কৰি উলিওৱা পুস্তিকাখন উন্মোচন কৰি শইকীয়াই কয় যে কৰ’না বিষয়ত মানুহৰ মনত সঘনাই উদয় হোৱা প্ৰশ্নৰ নিৰসন আৰু ইয়াৰ মাজেৰে দৈনন্দিন জীৱনত সজাগ হৈ থকাৰ ক্ষেত্ৰত এই পুস্তিকাখনে নিশ্চিতভাৱে সহায় কৰিব ।
উল্লেখযোগ্য যে, লকডাউনৰ প্ৰাকমুহুৰ্তত ছেনিটাইজাৰ প্ৰস্তুত কৰি নগাঁও আৰু মৰিগাঁও জিলাত জনসাধাৰণৰ মাজত বিতৰণ কৰা আৰু সজাগতা কাৰ্যসূচীত সক্ৰিয়ভাবে অংশগ্ৰহন কৰা নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মাই কোভিদ-১৯ শীৰ্ষক পুস্তিকাখন সন্মিলনৰ শাখাসমূহৰ জড়িয়তে সমগ্র অসমতে জনসাধাৰণৰ হিতাৰ্থে বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে ।













