ASSAM TIMES POST
নগাওঁ: বহিঃ ৰাজ্যত আৱদ্ধ নগাঁৱৰ লোকসকল ক্ৰমশঃ নগাঁৱলৈ আগমন ঘটাত জিলাখনত কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাব ধৰিছে । বিশেষকৈ মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ পৰা অহা নগাঁৱৰ লোকসকলৰ অধিকাংশৰে দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।
প্ৰতিদিনে নগাঁৱত কোভিড ৰোগীৰ সংখ্যা বাঢ়ি যোৱাত ৰাইজৰ মাজত শংকাৰ সৃষ্টি হৈছে। আজিৰ দিনটোতে নগাঁৱত ৩০ জন লোক কোভিড-১৯ ত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে আজি তাৰিখলৈকে নগাওঁ জিলাত কোভিড ৰোগীৰ সংখ্যা ২৬২ জনলৈ বৃদ্ধি পায়।
দুই এদিনৰ ভিতৰতে এই সংখ্যা তিনিশ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। আনহাতে স্বাস্থ্য বিভাগৰ নীতি অনুসৰি কোৱাৰেন্টীন কেন্দ্ৰত ৭ দিন থকাৰ পিছত হোম কোৱাৰেণ্টীনলৈ প্ৰেৰণ কৰা বহুলোক কোভিড-১৯ত আক্ৰান্ত হোৱাত ই আন এক উদ্বেগৰ বিষয় হৈ পৰিছে।
যাৰ বাবে বিভিন্ন গাঁও অঞ্চলত কোভিড ৰোগীক লৈ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিৰ মাজতে আজি ক্ৰমশঃ সুস্থ হৈ উঠা কোভিড-১৯ ত আক্রান্ত ২২ গৰাকী লোকক ঘৰলৈ যাবলৈ স্বাস্থ্য বিভাগে অনুমতি প্ৰদান কৰে। ইয়াকে লৈ জিলাখনত আজিলৈকে সুস্থ হৈ উঠা ৫৫ গৰাকী লোকক ঘৰলৈ যাবলৈ দিয়া হয়।
আজিৰ দিনটোত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড-১৯ হস্পিতালত ৮৮ গৰাকী, উজৰা গাঁও আদৰ্শ চিকিৎসালয়ত ৪৫ গৰাকী, কন্দলি আদৰ্শ চিকিৎসালয়ত ৩৩ গৰাকী আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ২৪ গৰাকী কোভিড আক্রান্ত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ।













