ASSAM TIMES POST
অজন্তা তালুকদাৰ:
কৰ’ণা কভিড-১৯ এ বোকাখাতত গণ সংক্ৰমণ ঘটোৱাৰ আশংকা ঘনীভূত কৰিছে। আজি পৰ্যন্ত বোকাখাত সমষ্টিত মুঠ ৬২ জনৰ কভিড-১৯ ধৰা পৰিছে। উল্লেখ্য যে ইয়াৰে ৬০ জন চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰত থকা আৰু আন দুজন হ’ম কোৱাৰেণ্টাইনত থকা লোক। কালি দিনৰ ভাগত ঘৰলৈ পঠিয়াই দিয়া বোকাখাতৰ কুৰুৱাবাহীৰ ৰঙাগড়াৰ সাধন দাস নামৰ যুৱক জনৰ দেহত নিশাৰ ভাগলৈ কভিড-১৯ ধৰা পৰা কাৰ্যই সংকিট কৰিছে স্থানীয় ৰাইজক।
তাৰোপৰি তিনিদিনৰ আগতে হ’ম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা নিধি গুপ্তা নামৰ ছাত্ৰী গৰাকীৰো কভিড ১৯ ধৰা পৰিছিল। প্ৰকৃততে হোম কোৱাৰেণ্টাইনত থকা সকলৰ সান্নিধ্যলৈ আহে পৰিয়ালটোৰ চুবুৰীয়াৰ লগতে আন ভালেসংখ্যক ব্যক্তি। কাজেই এই সকল লোককো কৰিব লগীয়া হৈছে কোৱাৰেণ্টাইন।
উল্লেখ্য যে যোৱা নিশা চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰ জে ডি এচ জি মহাবিদ্যালয়ৰ পৰা দিনৰ প্ৰায় তিনি বজাত সাধন দাসক ঘৰত থৈ অহাৰ ১২ ঘণ্টা নো হওঁতেই কভিড ১৯ পজিটিভ ধৰা পৰা ঘটনাই অঞ্চলবাসীৰ মাজত ভয়ৰ সৃষ্টি কৰিছে। সাধন দাসৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পৰা জানিব পৰা মতে তেওঁৰ ৰিলিজ লেটাৰত কভিড-১৯ পেণ্ডিং বুলি উল্লেখ আছে।
ইয়াৰ পূৰ্বে সাধন দাসৰ লগত থকা আনজন ব্যক্তিৰ কভিড-১৯ পজিটিভ ওলাইছিল। একেটা কোঠাত থকা এজনৰ কভিড-১৯ পজিটিভ ওলোৱাৰ পাছত ‘পেণ্ডিং’ ৰিপ’ৰ্টেৰে কিয় সাধনক ঘৰলৈ পঠিওৱা হ’ল অথবা অকলশৰীয়া সাধন দাসক কিয় অন্য চৰকাৰী কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা নহ’ল সেয়া সন্দেহৰ বিষয়। ২৩ মে’ত সাধনৰ স্বোৱাব লোৱা হৈছিল আৰু তাৰ ৰিপ’ৰ্ট আহিছিল নিগেটিভ।
পুণৰ ৪ জুনত লোৱা নমুনাত সাধনৰ লগৰ জনৰ পজিটিভ আহিছিল। লগৰ জনক কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু সাধন হৈ পৰিছিল অকলশৰীয়া। সেয়েহে অন্য কোনো ব্যৱস্থা নলৈ সাধনক পেণ্ডিং ৰিপ’ৰ্টেৰে প্ৰেৰণ কৰিছিল ঘৰলৈ। স্থানীয় এখন মেজিকত আন তিনিজন যুৱকৰ সৈতে সাধনক পঠোৱা হৈছিল। মেজিকখনত যোৱা কোৱাৰেণ্টাইনত থকা আন তিনিজনক লৈ গাঁও আৰু ধোদাঙত নমাই থৈ পুণৰ আহি সাধন সহ কুৰুৱাবাহীলৈ যাত্ৰা কৰিবলৈ লওঁতেই কুৰুৱাবাহী তিনিআলিত আন এগৰাকী চিনাকী মহিলাক মেজিকত উঠাই লৈছিল।
জানিব পৰা মতে একমাত্ৰ মাতৃসহ সাধনক ভি ডি পি, প্ৰশাসনৰ লোকে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা লৈছিল। আনহাতে মেজিকত কুৰুৱাবাহী তিনিআলিত উঠি যোৱা মহিলা গৰাকীৰ ঘৰত গাঁৱৰ একাংশ যুৱকে মহিলা গৰাকী ঘৰ সোমোৱাৰ পাছত কেৰম খেলিছিল। কভিড ১৯ ৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত এই সমগ্ৰ ব্যৱস্থাটোত কিমান মানুহ সাধনৰ সংস্পৰ্শলৈ আহিছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ইফালে মেজিকখনৰ চালকজন আছেই।
ইয়াৰ পাছতে যোৱা নিশা সাধন দাসৰ কভিড ১৯ পজিটিভ ওলোৱাৰ লগে লগে সৰ্বত্ৰে হুৱা দুৱা লাগিছে। স্থানীয় গাঁওৰক্ষী সংগঠন, অঞ্চলটোৰ একাংশ ৰাইজে সমগ্ৰ বিষয়টোক প্ৰশাসনে গুৰুত্ব সহকাৰে লোৱাটো বিচৰাৰ লগতে, সাধনৰ সংস্পৰ্শলৈ অহা প্ৰতিটো পৰিয়ালৰ বাবে কঠোৰ হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।













